পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ পৰা ১০ কোটি টকা কিয় লৈছিল ঐশ্বৰ্য ৰায়ে ?
অস্বস্তিকৰ বিতৰ্কত সোমাই কাৰোবাৰ জানো ভাল লাগে ? বিতৰ্ক নিবিচাৰিলেও কেতিয়াবা বিতৰ্কই পিছেহপিছে ঘূৰি ফুৰে ৷ তাতে যদি ব্যক্তি গৰাকী ঐশ্বৰ্য ৰায় হয়, তেতিয়া বিতৰ্কৰ জোৱাৰ উঠে ৷ পানামা পেপাৰচ বিতৰ্ক শেষ হোৱাই নাই আন এক বিতৰ্কত সোমাই পৰিছে ঐশ্বৰ্য ৰায় বচ্চন ৷
বিতৰ্কতো চেলিব্ৰেটি জীৱনৰ এৰাব নোৱাৰা অংশ ৷ কিন্তু এইবাৰ বাৰুকৈয়ে অস্বস্তিত পৰিছে ঐশ্বৰ্য ৷ এইবাৰ ঐশ্বৰ্য ৰায় বচ্চন সাঙুৰ খাই পৰিছে বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ সৈতে ৷
পাকিস্তানৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আশ্বিফ আলী জাৰদাৰিয়ে ১০ কোটি টকা দিছিল ঐশ্বৰ্য ৰায়ক ৷ ২০০৮ চনত ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত ১০ কোটি টকা ভাৰতীয় সুন্দৰী অভিনিত্ৰীগৰাকীক দিছিল জাৰদাৰিয়ে ৷ পাক ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক ব্যক্তিগত অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰাৰ বাবেই এই ধনৰাশি লৈছিল ঐশ্বৰ্যই ৷ এই দাবী কৰিছে পাক ৰাজনৈতিক বিশ্লেষক শ্বাহিদ মাছুদে ৷
এই ঘটনাৰ সময়ত পাকিস্তানৰ এটা টেলিভিচল চেনেলত লাইভ শ্ব’ কৰিছিল মাছুদে ৷ সেই সময়ত পাক ৰাষ্ট্ৰপতি ভৱনত এৰাতি নৃত্য পৰিৱেশন কৰিছিল ঐশ্বৰ্যই ৷ তাৰ বাবেই মূল্য দিয়া হৈছিল ১০ কোটি টকা ৷
এতিয়া এই কথা কিমান সঁচা সেই লৈ বিতৰ্কত সোমাই পৰিছে ঐশ্বৰ্য ৷ এই বিষয় লৈ বৰ্তমানলৈ মুখ খোলা নাই ঐশ্বৰ্য ৰায়ে ৷ ৰাইজৰ ধনেৰে প্ৰাক্তন পাক ৰাষ্ট্ৰপতি আশ্বিফ আলী জাৰদাৰীয়ে ৰাষ্ট্ৰপতি ভৱনত বৈৰী ৰাষ্ট্ৰ ভাৰতৰ সুন্দৰী অভিনেত্ৰীৰ নৃত্যানুষ্ঠান আয়োজন কৰাি ১০ কোটি টকা দিয়া ঘটনাই পাকিস্তানত তোলপাৰ লগাইছে ৷