বোকাখাতত ১৮টাকৈ পথ, উপপথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মন্ত্ৰী অতুল বৰাৰ
অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়াই পথ যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ লক্ষ্যৰে আনুষ্ঠানিকভাৱে ৭ ফেব্ৰুৱাৰী সোমবাৰে ১৮টাকৈ পথ, উপপথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। লগতে মন্ত্ৰীগৰাকীয়ে কেইবাটাও পকী নলাৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰে।
আজিৰ কাৰ্যসূচীত উপস্থিত থাকে বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ প্ৰমুখ্যে বোকাখাত পৌৰসভাৰ কাৰ্যবাহী বিষয়া সৌভিক দত্তৰ উপৰিও বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ।