ৰাজ্যত কমিছে ক’ভিড আক্ৰান্তৰ হাৰ ৷ দেওবাৰে অসমত ২৫৬ জন আক্ৰান্ত, ১২ জনৰ মৃত্যু ৷
লাহে লাহে ৰাজ্যত উন্নত হৈছে ক’ভিড পৰিস্থিতি ৷ দেওবাৰে অসমত ২৫৬ জন ক’ভিডত আক্ৰান্ত ধৰা পৰিছে ৷ গোটেই ৰাজ্যখনত ১০৬৯১জনৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছিল ৷ ক’ভিড পজিটিভ চিনাক্ত হোৱা সকলৰ ১১২ জনেই গুৱাহাটী মহানগৰ এলেকাৰ ৷
চৰকাৰৰ তথ্য অনুসৰি ১২ জন লোকৰ ক’ভিডত দিনটোত সমগ্ৰ ৰাজ্যত মৃত্যু ঘটিছে ৷
Summary of 06/02/2022
Today’s Total 256
Overall Positivity Percentage (256 cases out of 10,691 test done = 2.39%)
Kamrup(M) 112
Death 12
Recovery Rate 97.75%