Daily Time Axom

টুইটাৰত যোগী-কেজৰিৱালৰ বাকযুদ্ধ, ‘মই আপোনাৰ দৰে নিৰ্দয় শাসক কেতিয়াও দেখা নাই’।

0 9

উত্তৰ প্ৰদেশ নিৰ্বাচন দুদিনৰ পিছতে আৰম্ভ হ’ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটাৰত বাকযুদ্ধত লিপ্ত হৈছে। তেওঁলোকে দুয়োখন ৰাজ্যৰ কৰ’না পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বিষয়টোত ইজনে সিজনক সমালোচনা কৰিছে ।

যোগীয়েই ইয়াক আৰম্ভ কৰি তেওঁ এটা টুইটযোগে কেজৰিৱালক সমালোচনা কৰি লিখিছে, “শুনক কেজৰিৱাল, যেতিয়া সমগ্ৰ মানৱতা কৰ’নাৰ বেদনাত ভুগি আছিল, আপুনি উত্তৰ প্ৰদেশৰ শ্ৰমিকসকলক দিল্লী এৰি যাবলৈ বাধ্য কৰিছিল । আপোনাৰ চৰকাৰে আনকি সৰু ল’ৰা-ছোৱালী আৰু মহিলাকো এৰি নিদি সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু অমানৱীয়তা প্ৰদৰ্শন কৰিছে। যোগীয়ে তেওঁক ‘মিছাবাদী’ আৰু ‘মানৱতা বিৰোধী’ বুলি অভিহিত কৰিছে।

কেজৰিৱালে তেতিয়া তেওঁকো আক্ৰমণ কৰি লিখিছে, “যোগী শুনক, আপুনি এৰি চলক এইবোৰ । উত্তৰ প্ৰদেশত, মৃতদেহবোৰ নদীৰ উটি গৈছিল, কিন্তু আপুনি কোটি কোটি টকা খৰচ কৰিছিল আৰু টাইমছ আলোচনীত আপোনাৰ নিজৰ মিছা কথাৰ বিজ্ঞাপন দিছিল! মই এজন শাসকক আপোনাৰ দৰে নিষ্ঠুৰ আৰু ক্ৰুৰ দেখা নাই। “

বৃহস্পতিবাৰৰ পৰা উত্তৰ প্ৰদেশত সাতটা পৰ্যায়ত নিৰ্বাচন আৰম্ভ হ’’ব। এই পৰিস্থিতিত, দুয়োগৰাকী নেতাৰ মাজত হোৱা মুকলি বাকযুদ্ধৰ পৰা এইটো স্পষ্ট যে উত্তেজনা কিমান ওপৰলৈ উঠিছে। উল্লেখ্য যে, যোৱা বছৰ এপ্ৰিল-মে’ মাহত যেতিয়া কৰ’নাৰ দ্বিতীয় ঢৌ আহিছিল, দিল্লী আৰু উত্তৰ প্ৰদেশৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছিল।

Leave A Reply

Your email address will not be published.