Daily Time Axom

মহাভাৰতৰ ‘ভীম’ প্ৰবীণ কুমাৰৰ দেহাৱসান

0 20

মহাভাৰতৰ ‘ভীম’ প্ৰবীণ কুমাৰৰ মৃত্যু ৷ ভাৰতীয় টেলিভিচন ইতিহাসৰ মাইলৰ খুঁটি আজিও দৰ্শকৰ মাজত জনপ্ৰিয় ধাৰাবাহিক ‘মহাভাৰত’ৰ ভীমৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা প্ৰবীণ কুমাৰ ছবটিৰ সোমবাৰে মৃত্যু ঘটিছে ৷

ভীম বুলি ক’লেই যি বাহুবলী ৰূপ মনলৈ আহে, সেই ৰূপ কথাৰ ছবি ভাৰতীয় জনমানসত পূৰাবলৈ সক্ষম হৈছিল প্ৰবীণ কুমাৰে ৷

৭৪ বছৰ বয়সত তেঁও সোমবাৰে নিশা প্ৰায় ৯ বজাত দিল্লীস্থিত ঘৰত মৃত্যুমুখত পৰে ৷ দীৰ্ঘদিন ধৰি অভিনেতাজনে শাৰীৰিক অসুস্থতাত ভুগি আছিল ৷ সোমবাৰে হৃদযন্ত্ৰ বিকল হোৱাৰ ফলত মৃত্যুক সাৱটি লয় জনপ্ৰিয় অভিনেতাজনে ৷ জীৱনৰ শেষ বয়সত যথেষ্ট আৰ্থিক অনাটনত ভুগিবলগীয়া হয় প্ৰৱেণ কুমাৰে ৷

১৯৮৮ চনত মহাভাৰতত ভীমৰ চৰিত্ৰত অভিনয় কৰি ভাৰতবাসীৰ মাজত সোমাই পৰা প্ৰবীণ কুমাৰে ভালেমান হিন্দী ছবিতো অভিনয় কৰিছিল। তাৰ ভিতৰত শত্ৰুঘ্ন সিনহাৰ লগত লোহা, অমিতাভ বচ্চনৰ সৈতে শ্বাহেনশ্বাহ আদি অন্যতম ছবি ৷

অভিনয় বাদ দিয়াৰ পিছত ২০১৩ চনত ৰাজনীতিত প্ৰৱেশ কৰি আম আদমী পাৰ্টীৰ টিকটত দিল্লীৰ পৰা বিধানসভা নিৰ্বাচনতো ভাগ লৈছিল প্ৰবীণ কুমাৰে ৷

Leave A Reply

Your email address will not be published.