Daily Time Axom

ভুৱা আছিল নঁগাৱৰ প্ৰাক্তন ছাত্ৰ নেতাৰ এনকাউন্টাৰ ৷ মিছা মাতি বিপথে পৰিচালিত কৰিছিল এছ পি আনন্দ মিশ্ৰই ৷ বৰঠাকুৰ আয়োগৰ প্ৰতিবেদনত প্ৰমাণিত ।

0 11

নগাঁৱৰ কচলুখোৱাত ২২ জানুৱাৰীত সংঘটিত কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীয়ে কৰা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল ভূঞাৰ এনকাউণ্টাৰ ভুৱা আছিল । মিছা মাতিছিল অসম আৰক্ষীয়ে ৷ মিছা মাতি ৰাইজ আৰু চৰকাৰক বিপথে পৰিচালিত কৰিছিল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ প্ৰতিবেদনত প্ৰমাণিত হৈছে এই কথা । অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰক অসম চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিছিল ৷

এই অনুসৰি ছাত্ৰ নেতা কীৰ্তিকমল বৰাক ভুৱা এনকাউন্টাৰ কৰা SI প্ৰদীপ বনিয়াক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে অসম চৰকাৰৰ তৰফৰ পৰা । নগাঁৱ আৰক্ষীৰ, আনন্দ মিশ্ৰ বাহিনীৰ এন্টি নাৰ্কটিক স্কোৱাড ভংগৰো নিৰ্দেশ। স্কোৱাডৰ প্ৰতিজন সদস্যক অন্য জিলালৈ বদলিৰ নিৰ্দেশ। এই সন্দৰ্ভত DGP ক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ। অতিৰিক্ত মূখ্য সচিব পৱন বৰঠাকুৰে চৰকাৰক দাখিল কৰিলে তদন্তৰ প্ৰতিবেদন।

যোৱা ২২ জানুৱাৰীত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল ভূঞাক নগাঁও আৰক্ষীৰ এটা দলে অপ্ৰৰোচিতভাৱে গুলীয়াইছিল। ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হৈছিল কীৰ্তি কমল ভূঞা ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনাক এক এনকাউন্টাৰৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল ৷ কীৰ্তি কমল ভূঞা ড্ৰাগছ সৰবৰাহৰ লগত জড়িত বুলি নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ভাষ্য প্ৰদান কৰিছিল ৷

এই ঘটনাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত ৰাজ্য চৰকাৰে অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰক ঘটনাটোৰ তদন্তৰ বাবে এজনীয়া কমিতি গঠন কৰি দিছিল ৷

এই এজনীয়া কমিতিৰ তদন্তৰ প্ৰতিবেদনৰ পৰামৰ্শ মতে অসম চৰকাৰে এই কীৰ্তি কমল বৰা আৰু আৰক্ষী বিষয়া প্ৰদীপ বণিয়াই দিয়া দুখন এফ আই আৰৰ ভিত্তিত দুয়োটা গোচৰ চি আই ডি-লৈ হস্তান্তৰ কৰিছে ৷
ইয়াৰ উপৰিও অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ উচ্ছপদস্থ আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ লগতে ভুৱা এনকিউন্টাৰৰ লগত জড়িত প্ৰতিজন আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশনা দিছে ৷ মন কৰিবলগীয়া যে, ঘটনাৰ সাক্ষী সকলৰ সুৰক্ষাৰ দিশটোও তদাৰক কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতি নিৰ্দেশনা দিছে ৷

Leave A Reply

Your email address will not be published.