দিশপুৰত নকল সোণৰ চোৰাং বেহা ৷ দিশপুৰ আৰক্ষীৰ জালত এজন প্ৰৱঞ্চক ৷
গুৱাহাটী মহানগৰীত অব্যাহত আছে নকল সোণৰ ব্যৱসায় ৷ দিছপুৰ আৰক্ষীৰ জালত পৰিছে নকল সোণ চক্ৰ ৷
দিছপুৰৰ মানবেন্দ্ৰ কমপ্লেক্সৰ সমীপৰ পৰা গ্ৰেপ্তাৰ ফৰিদুল ইছলাম নামৰ এজন অসাধু লোকক । লখিমপুৰ নাওবৈচাৰ পৰা নকল সোণ বিক্ৰীৰ বাবে আহিছিল গুৱাহাটীলৈ ৷
১মাহ পূৰ্বে সোণখিনি বিক্ৰী কৰিছিল ফৰিদুল আৰু বাদশ্বাহে ৷ গোসাঁইগাঁৱৰ আজিজুৰ ৰহমান আৰু চাজন শেইখ নামৰ দুজন লোকক প্ৰলোভন দি বিক্ৰী কৰিছিল নকল সোণখিনি ৷ ৪০ হাজাৰ আৰু দুটা মবাইলৰ বিনিময়ত বিক্ৰীৰ বাবে বন্দোৱস্ত কৰিছিল চক্ৰটোৱে ৷
শুকুৰবাৰে পুনৰ ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল চোৰাং সোণ ব্যৱসায়ী ফৰিদুল ৷
লাষ্টগেটৰ এখন হোটেলত লুকাই থকা অৱস্থাৰ পৰা চোৰাং সোণ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে ফৰিদুলক ৷ নকল সোণৰ সৈতে জড়িত বাদশ্বাহ বৰ্তমানো পলাতক ৷