হিজাবক ৰাষ্ট্ৰীয় বিষয় নকৰিবলৈ উচ্ছতম ন্যায়ালয়ৰ পৰামৰ্শ
কৰ্ণাটক হিজাব গোচৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন আদেশক আজি উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছে। উচ্চতম ন্যায়ালয়ে আৱেদনখন জৰুৰীকালীন শুনানি অস্বীকাৰ কৰিছে। উচ্চতম ন্যায়ালয়ে জনাইছে যে কৰ্ণাটকৰ গোচৰটোৰ ওপৰত ন্যায়ালয়ে চকু ৰাখিছে আৰু বৰ্তমান উচ্চ ন্যায়ালয়ত শুনানি চলি আছে। উচ্চতম ন্যায়ালয়ে উকীলসকলক ইয়াক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় নকৰিবলৈ পৰামৰ্শ দিছে আৰু উচ্চতম ন্যায়ালয়ে সঠিক সময়ত বিষয়টোত হস্তক্ষেপ কৰিব। উল্লেখনীয় যে এজন শিক্ষাৰ্থীয়ে উচ্চতম ন্যায়ালয়ত এই গোচৰটোত এখন আবেদন দাখিল কৰিছিল। কৰ্ণাটক উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে এটা নিৰ্দেশ জাৰি কৰি আৱেদনখন ভিত্তিত শুনানি নোহোৱালৈকে কোনো বিদ্যালয় মহাবিদ্যালয়ত ধৰ্মীয় পোছাক পিন্ধিব নালাগে বুলি উল্লেখ কৰিছে । সোমবাৰে উচ্চ ন্যায়ালয়ত গোচৰটোৰ শুনানি প্ৰদান কৰিব।