Daily Time Axom

এগৰাকী নাৰীৰ স্তনত পাতৰ আকৃতিৰ ১০ কিলো বিৰল টিউমাৰৰ অস্ত্ৰোপচাৰ

0 8

চিকিৎসকসকলে কয় যে ই গ্ৰীক শব্দৰ পৰা ‘ফিলোড’ শব্দটোৰ উৎপত্তি হৈছে, ইয়াৰ অৰ্থ বিয়পি পৰা গছৰ পাতৰ দৰে। কলকাতাৰ বালিগঞ্জৰ ৰামলা চক্ৰৱৰ্তীৰ স্তনত পাতৰ আকৃতিত ১০.৫ কিলো মাংস জমা হৈছিল। চাউলৰ বস্তাৰ দৰে গধুৰ মাংসৰ সেই পিণ্ডটোৱে ডিঙিত বিষ সৃষ্টি কৰিছিল।
এটা এটাকৈ, শৰীৰৰ সমস্যা বাঢ়ি গৈ আছিল। খোজ কাঢ়িবলৈ কঠিন হৈছিল। স্তনত অতিৰিক্ত মাংস বাঢ়ি আহিছিল ঠিক গছৰ পাতৰ ৰূপত। ইয়াক ফিলোড টিউমাৰ বুলি কোৱা হয় (Phyllodes Tumor)।

এশজন লোকৰ ভিতৰত এজন ব্যক্তিৰ ক্ষেত্ৰত এনে সমস্যা উদ্ভৱ হয়। কেতিয়াবা সেইটোও নহয়। এই টিউমাৰটো বহুত বিৰল। ৰামলা চক্ৰৱৰ্তীয়ে (৫৫) প্ৰথমে ভাবিছিল যে তেওঁ বুকু আঘাতৰ বাবে ফুলি আছে। দুমাহ আগতে, বাছৰ পৰা নামোতে তেওঁ বাছখনৰ ৰডত খুন্দা খাই তেওঁৰ সোঁ স্তনত আঘাত পাইছিল। তেতিয়াৰ পৰা তেওঁ লক্ষ্য কৰিবলৈ ধৰিছিল বেমাৰটো। ৰমলাৰ কয়, “এদিন মই লক্ষ্য কৰিছিলো সৰু চোকোৰাৰ দৰে মাংসৰ পিণ্ড এটা উঠিছে। কিন্তু ই দ্ৰুতগতিত ডাঙৰ হৈ অহাত হোমিঅ’পেথিক চিকিৎসকৰ পৰামৰ্শত ঔষধ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিলো। তথাপিও টিউমাৰটো বাঢ়ি গৈ থাকিল। ইয়াৰ মাজতে, তেজ পৰীক্ষাই কৰাত শৰীৰত শৰ্কৰাৰ স্তৰ ক্ৰমান্বয়ে হ্ৰাস হোৱা বুলি গম পালো।”

পিছত ৰমলা আতংকিত হৈ চিকিৎসক ধৃতিমান মৈত্ৰাৰ আশ্ৰয় লৈছিল।

কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ স্তন অন্তঃস্ৰাৱী বিভাগৰ মুৰব্বী ডাঃ ধৃতিমান মৈত্ৰাই কয় যে, ৰক্ত শৰ্কৰাৰ পৰিমাণ কম হোৱাৰ বাবে ৰোগীৰ হাইপোগ্লাইচেমিয়া হৈছিল। ৰোগীক কলিকতা চিকিৎসা মহাবিদ্যালয়ত বায়োপ্সী কৰা হৈছিল।

ৰামলাৰ বাবে এটা চিকিৎসা দল গঠন কৰা হৈছিল। ডাঃ ধৃতিমান মৈত্ৰাৰ উপৰিও, এণ্ডোক্ৰিনোলজীৰ ডাক্তৰ আছিল পাৰ্থপ্ৰতিম চক্ৰৱৰ্তী আৰু নীতি আগৰৱালা। চিকিৎসকসকল ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস হোৱাৰ বিষয়ে চিন্তিত আছিল। ডাঃ ধৃতিমান মৈত্ৰাৰ মতে, মহিলাগৰাকীৰ স্তনত ‘ফিললোড টিউমাৰ’ৰ উপৰিও অগ্ন্যাশয়ত ইনচুলিনমা থকা বুলি সন্দেহ কৰা হৈছিল। ই এক বিৰল টিউমাৰ।
দুই ঘণ্টাৰ জটিল অস্ত্ৰোপচাৰত, ডাঙৰ টিউমাৰটো আঁতৰ কৰা হৈছিল।

Leave A Reply

Your email address will not be published.