এঘণ্টাতকৈও অধিক সময় বিকল টুইটাৰ
টুইটাৰত এঘণ্টাতকৈও অধিক সময় বিকল! বহু সংখ্যক ব্যৱহাৰকাৰীয়ে অভিযোগ কৰিছে যে তেওঁলোকে টুইটাৰত পোষ্ট কৰিবলৈ সক্ষম হোৱা নাই। আপুনি আনকি টুইটাৰৰ টাইমলাইনত আনলোকৰ টুইটও চাব নোৱাৰে। বহুতো একাউণ্ট নিজে লগ আউট কৰা হৈছে।হাহাকাৰ লাগি গৈছিল মুহূৰ্ততে। অৱশ্যে, কিমান জন ব্যৱহাৰকাৰীয়ে এই সমস্যাৰ সন্মুখীন হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
সমস্যাটো শুক্ৰবাৰে মাজনিশা উদ্ভৱ হোৱা বুলি জনা গৈছিল। অৱশ্যে, টুইটাৰে পিছত কৈছিল যে যান্ত্ৰিক ত্ৰুটি হৈছিল। কিন্তু ইয়াক সমাধান কৰা হৈছে। কৰ্তৃপক্ষই ব্যৱহাৰকাৰীক অসুবিধাৰ বাবে ক্ষমা বিচাৰিছিল। বৰ্তমান বাবে টুইটাৰ সেৱা ঠিকেই আছে বুলি জনা গৈছে।