Daily Time Axom

বেংক একাউন্টত ভুলতে সোমাল ১৫ লাখ টকা ৷ কৃষকে ভাবিলে, প্ৰধান মন্ত্ৰী মোডীয়ে ভৰাইছে ধন ৷

0 16

হঠাৎ মানুহজনৰ বেংক একাউন্টত সোমাল ১৫ লাখ টকা ৷ মানুহজনৰ নাম জ্ঞানেশ্বৰ ওট ৷ পেছাত এজন কৃষক ৷ একাউন্টত ১৫ লাখ টকা সোমোৱা দেখি জ্ঞানেশ্বৰে ভাবিলে যে দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ১৫ লাখ টকা জমা কৰিছে তেঁওৰ একাউন্টত ৷ ভাবিছিল পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি দেৰিকৈ হ’লেও প্ৰধানমন্ত্ৰীজনে ১৫ লাখ টকা তেঁওৰ একাউন্টত জমা দিয়াইছে ৷ সেই ধনেৰে খৰধৰকৈ তেঁও এখন ঘৰো নিৰ্মাণ কৰিলে ৷ পিছে পিছত বেংকে যেতিয়া আচল কথা তেঁওক জনালে, তেতিয়া তেঁওৰ মূৰত সৰগ ভাগি পৰিল ৷

৬ মাহৰ পিছত জ্ঞানেশ্বৰক বেংকে জনালে যে এই ১৫ লাখ টকা আন কাৰোবালৈ টেন্সফাৰ কৰোতে ভুলতে তেঁওৰ একাউন্টত সোমাইছিল ।এতিয়া এই টকাখিনি কেনেকৈ ঘূৰাই দিব তাক লৈ চিন্তাত পৰিছে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ এই কৃষকজন।

যোৱা বছৰৰ আগষ্ট মাহত নিজৰ একাউন্টত ১৫ লাখ টকা জমা হোৱা দেখি চকু কপালত উঠিছিল কৃষক জ্ঞানেশ্বৰৰ ৷ তেতিয়া তেঁও ভাবিছিল যে ২০১৪ চনৰ প্ৰতিশ্ৰুতি মতেই প্ৰধানমন্ত্ৰী মোডীয়ে ১৫লাখ টকা তেঁওৰ একাউন্টত সোমোৱাৰ ব্যৱস্থা কৰি দিছে ৷ আনকি আনন্দত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি ধন্যবাদো জ্ঞাপন কৰিছিল কৃষকজনে । ১৫ লাখ টকাৰ ৯ লাখ খৰচ কৰি নিজৰ ঘৰ নিৰ্মাণো কৰিলে জ্ঞানেশ্বৰে ৷ পিছে মাহৰ পিছতহে আচল কথা ওলাল, যেতিয়া বেংকৰ পত্ৰ আহিল ভুলক্ৰমে সোমোৱা টকাখিনি ঘূৰাই দিবলৈ ।

আচলতে এই ধনখিনি ঔৰংগাবাদৰ পিম্পলবাড়ী গাঁও পঞ্চায়তৰ উন্নয়ণৰ বাবে অহা চৰকাৰী ধন আছিল । ধনখিনি বেংকৰ ভুলৰ বাবে সোমালগৈ কৃষকজনৰ একাউন্টত ৷ এতিয়া জ্ঞানেশ্বৰৰ আক্ষেপ, “৯ লাখ টকা খৰচ কৰিলো ৷ যি ৬ লাখ টকা বাচিছিল সেয়া মই ঘূৰাই দিলো । খৰচ কৰা ৯ লাখ টকা এতিয়া মই ক’ৰপৰা ঘূৰাই দিওঁ?”

Leave A Reply

Your email address will not be published.