মই বহু দিনৰ আগতেই ৰণবীৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছো : আলিয়াৰ স্বীকাৰোক্তি
ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ প্ৰেমৰ উৰাবাতৰি দীৰ্ঘদিন ধৰি বলীউডত চলি আছে। আলিয়াই ৰণবীৰক ভাল পায়। সেয়ে আলিয়া ভাটে আৰু লুকা চুৰি খেলিব নিবিচাৰে। এতিয়া ৰণবীৰ আৰু আলিয়াই তেওঁলোকৰ প্ৰেম গোপন কৰি নৰখাৰ সিদ্ধান্ত লৈছে। কিন্তু মুখত একো নোকোৱাকৈ, দুয়োজনে ছ’চিয়েল মিডিয়াত ফটোৰ জৰিয়তে তেওঁলোক দুয়ো দুয়োৰে বহুবাৰ মৰম প্ৰকাশ কৰিছে। শেহতীয়াকৈ এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত, যেতিয়া আলিয়াক ৰণবীৰৰ সৈতে তেওঁৰ প্ৰেম আৰু বিবাহৰ বিষয়ে সোধা হৈছিল, তেওঁ কোনো পোনপটীয়াকৈ উত্তৰ দিছিল। আলিয়াই কৈছিল, “মই বহু দিনৰ আগতেই ৰণবীৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছো । কিন্তু এয়া মোৰ মনেৰে । দৰাচলতে, বহু বছৰ পৰা মই ৰণবীৰক মোৰ স্বামী হিচাপে গ্ৰহণ কৰি আহিছো। সেই অৰ্থত, ৰণবীৰ আৰু মই বিবাহিত!’
প্ৰচাৰিত উৰা বাতৰি অনুসৰি, ৰণবীৰ আৰু আলিয়াই ২০২২ চনৰ ডিচেম্বৰ বা জানুৱাৰী ২০২৩ ত বিবাহপাশত আৱদ্ধ হ’ব। মহেশ ভট্ট আৰু নীতু কাপুৰে ইতিমধ্যে বিবাহৰ বিষয়ে সকলো বোৰ চূড়ান্ত কৰিছে। পৰিয়ালৰ বৃদ্ধ সদস্যসকলৰ কথা মনত ৰাখি, তেওঁলোকে মুম্বাইৰ এখন সাত তাৰকা হোটেলত বিবাহ পাশত আৱদ্ধ হ’ব।