Daily Time Axom

মাছখোৱা আইটিএ-ত পৌৰ নিৰ্বাচনৰ বিজেপি অসম প্ৰদেশৰ প্ৰস্তুতি সভা

0 6

শনিবাৰে ৰাজ্যৰ আগন্তুক পৌৰ নিৰ্বাচনৰ বাবে বিজেপি অসম প্ৰদেশৰ প্ৰস্তুতি সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে সভাত ঘোষণা কৰে যে, “আমি পৌৰ নিগম আৰু পঞ্চায়ত পৰ্যায়ত ‘দল-বিহীন’ নিৰ্বাচনৰ সমর্থন কৰি আছো যদিও ইমান কম সময়ৰ জাননীত এয়া সম্ভৱ নহ’ব। কিন্তু আমি সমাজৰ সেৱা কৰিবলৈ ইচ্ছুক সৎ আৰু সমৰ্পিত প্ৰাৰ্থীসকলক মনোনীত কৰিবলৈ চেষ্টা কৰিছোঁ। আমি আমাৰ ১০২ খন পৌৰ নিগমৰ সকলো অঞ্চলতে ৰাস্তা, নলা, ষ্ট্ৰীট লাইট, পাৰ্ক, ষ্টেডিয়াম আদিৰ দৰে মানসম্পন্ন নগৰীয়া আন্তঃগাঁথনি নিৰ্মাণৰ বাবেও চেষ্টা কৰি আছো। ইয়াক সম্ভৱ কৰি তুলিবলৈ সমৰ্পিত আৰু সৎ লোকসকল পৰিষদত থাকিব লাগিব।”

তদপুৰি আৰু কয়, মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সপোন পূৰণ কৰিবলৈ আমাৰ প্ৰণালীৰ পৰা ‘অতিৰিক্ত বাধ্যবাধকতা’ আঁতৰোৱাৰ দিশত আমি কাম কৰি আছোঁ। এই উদ্দেশ্যৰে সুৰাৰ বাহিৰে পঞ্চায়ত এলেকাত ব্যৱসায় কৰিবলৈ কোনো বাণিজ্য অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহ’ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে নগৰীয়া পৰিষদ সমূহৰ ব্যাপক পৰিৱৰ্তনৰ দিশত কাম কৰি সমাজৰ উদ্দেশ্যত নিজকে সমৰ্পিত কৰিবলৈ আৰু চহৰ আৰু নগৰসমূহ পৰিষ্কাৰ ৰখাৰ মহৎ স্বার্থত সকলো পোষ্টাৰ, দেৱাল লিখন আদি আঁতৰাবলৈ আহ্বান জনাইছে ।

সভাত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসম প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা আৰু সহ-প্ৰভাৰী পৱন কুমাৰ, মন্ত্রী ৰণজিৎ কুমাৰ দাস, অশোক সিংহল, প্ৰাক্তন সভাপতি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা আৰু কেইবাজনো জ্যেষ্ঠ বিধায়ক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.