৩০ বছৰ আগতে মই প্ৰেমিকক ৰাস্তাত চুমা খাইছিলো, সাগৰৰ নিৰ্জন তীৰত যৌন সম্ভোগ কৰিছিলো: তছলিমা নাছৰিনৰ মুকলি প্ৰকাশ
তছলিমা নাছৰিনে তেওঁৰ প্ৰেম কৰা সময়ত সমাজৰ প্ৰতি গুৰুত্ব দিয়া নাছিল! তেওঁ প্ৰেমত পৰাৰ সময়ত যৌন সম্ভোগতো লিপ্ত হৈছিল প্ৰেমিকৰ সৈতে । তেওঁ পৃথিৱীৰ এই শ্ৰেষ্ঠ অনুভূতিৰ ওচৰত হেনো চৰ্তহীনভাৱে আত্মসমৰ্পণ কৰিছিল।
আগচ ভেলেন্টাইন ডে সেয়ে বিতৰ্কিত লেখিকাগৰাকীয়ে কিছু অপ্ৰিয় সত্য কথা তেওঁৰ ফেচবুক পৃষ্ঠাত লিখিছিল। এটা পোষ্টত, অনুৰাগীসকলক তেওঁৰ ব্যক্তিগত অনুভূতিও শ্বেয়াৰ কৰিছিল।
তেওঁ লিখিছিল, “ত্ৰিশ বছৰ আগতে, মই মোৰ প্ৰেমিকক ৰাস্তাত, ৰেষ্টুৰেণ্টত আদিত বাংলাদেশৰ দৰে দেশত থাকি চুমা খাইছিলো। ইউৰোপীয় দেশত বাটে ঘাটে প্ৰেমিকক চুমা খাইছিলো। পূৰ্ণিমা নিশা, নিৰ্জন সাগৰৰ পাৰত যৌন সম্ভোগ কৰিছিলো! জোনাকত গা ধুই ঘন অৰণ্যত যৌন জীৱন যাপন কৰিছিলো। কাৰণ যৌনতা সদায় খুবেই সুন্দৰ । পুৰুষ আৰু মহিলা, মহিলা আৰু মহিলা, পুৰুষ আৰু মহিলা, ট্ৰেন্সজেণ্ডাৰ নিৰ্বিশেষে সকলোৰে বাবেই ই সুন্দৰ ।
তাৰ পিছত, তছলিমাই ক্ষোভ কৰি দাবী কৰিছে যে সভ্য পৃথিৱীয়ে জন্তুৰ পৰা যৌনতা কেনেদৰে উদযাপন কৰিব লাগে শিকিব লাগে! লেখিকা আচৰিত হয় যে পৃথিৱীখন বাহিৰত জোনাকত ওপঙি আছে, আৰু মানুহে চাৰিখন দেৱালৰ ভিতৰত দুৱাৰ বন্ধ কৰি যৌন সম্ভোগ কৰে। মানুহে প্ৰকৃতিৰ পৰা বহু দূৰলৈ গৈছে, তেওঁ আৰু ভাবে যে মানুহবোৰ দিনে দিনে যন্ত্ৰ হৈ পৰিছে। তেওঁলোকে আনকি যৌন সম্ভোগ আৰু সম্ভোগ নহয়! এই সকলোবোৰ ধৰ্ষণ হৈ পৰিছে। প্ৰেমো ঈৰ্ষাত পৰিণত হৈছে।