হিজাবৰ বাবে আন্দোলনত নমা ভগ্নীসকলৰ সফলতাৰ বাবে ওৱেচিৰ প্ৰাৰ্থনা
উত্তৰ প্ৰদেশত এক ৰেলীত অংশগ্ৰহণ কৰি আচাদুদ্দিন ওৱেছিয়ে কয় যে যদি ছোৱালী এজনীয়ে হিজাব পিন্ধিবলৈ সিদ্ধান্ত লয় আৰু মাক-দেউতাকেও তেওঁক পিন্ধিবলৈ অনুমতি দিয়ে, তেন্তে কোনে তাইক বাধা দিব পাৰে? সেয়া আমি চাম ।”
“কৰ্ণাটকত হিজাবৰ সৈতে যি ঘটিছে সেয়া সংবিধানৰ এক ডাঙৰ উলংঘন।” মুছলমান নেতাজনে লগতে দাবী কৰে যে এনে আচৰণ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৫, ১৯ আৰু ২১ ৰ বিৰুদ্ধে আছিল। একে সময়তে, তেওঁ বিজেপি চৰকাৰৰ এনে সিদ্ধান্তক তীব্ৰ গৰিহণা দিয়ে।
উত্তৰ প্ৰদেশৰ ছাৰাই তাৰিণ অঞ্চলত অনুষ্ঠিত সমদলত ভাষণ প্ৰদান কৰি ওৱেছিয়ে লগতে কয়, “হিজাব পিন্ধাৰ অধিকাৰ ঘূৰাই পাবলৈ আন্দোলনত নমা ভগ্নীসকলৰ সফলতাৰ বাবে মই প্ৰাৰ্থনা জনাইছো।”
ইফালে, বৃহস্পতিবাৰে জাৰি কৰা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি, ন্যায়ালয়ে চূড়ান্ত ৰায় নিদিয়ালৈকে কোনো ছাত্ৰ-ছাত্ৰীয়ে ধৰ্মীয় পোছাক পিন্ধি শিক্ষানুষ্ঠানলৈ আহিব নোৱাৰে।
যোৱা মাহৰ আৰম্ভণিতে, উদুপীৰ এখন চৰকাৰী প্ৰাক-বিশ্ববিদ্যালয়ে হিজাব পিন্ধা মহিলা ছাত্ৰীসকলক শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত সমগ্ৰ কৰ্ণাটকত আন্দোলন অব্যাহত আছে ।