আমিনগাঁৱত অনুষ্ঠিত প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতাত বিজয়ী ৰানাৰচ-আপলৈ বাম্পাৰ অফাৰ। শ্ৰেষ্ঠ বিজয়ী দলে ট্ৰফীসহ পাব একলাখ টকা । দ্বিতীয় বিজয়ী দলে ট্ৰফীসহ পঞ্চাশ হাজাৰ টকা । প্ৰতিখন খেলত হেট্ৰিক কৰা খেলুৱৈ পাব তিনি হাজাৰ টকা । ছয়টা বলত ছয় কোবালে পাব ছয় হাজাৰ টকা আৰু সন্মানীয় পুৰস্কাৰ ।ক্ৰীড়াপ্ৰেমী দৰ্শকক আমোদ দিবলৈ কি নাই খেল পথাৰত । খেলৰ লগে লগে সুন্দৰ মিউজিকৰ তালে তালে ৰমণীৰ নাছ । আছে কমেণ্ট্ৰেটৰৰ সুন্দৰ ধাৰাভাষ্য । কভিডসৃষ্ট পৰিবেশে মানুহক ৰোগীয়া কৰি তুলিছে । পৰিশ্ৰম বিমুখ পৰিবেশৰ পৰা ওলিয়াই আনি ক্ৰীড়াৰ জৰিয়তে সুষ্ঠ সবল মানুহ গঢ়াৰ প্ৰয়াস আমিন গাঁওৰ ACC ক্লাবৰ । ইফালে সাতাম পুৰুষীয়া ভিন্নধৰ্মালম্বী লোকক পুনৰ একতাৰ দোলেৰে বান্ধি ৰখাৰ প্ৰয়াস সমাজসেৱী ছেৰু খানৰ । আমিন গাঁৱৰ ক্ৰীড়াপ্ৰেমী সমাজ সেৱক ছেৰু খানৰ উদ্যোগত আমিন গাঁও ৰেল’ৱে খেল পথাৰত সাদিনীয়াকৈ আয়োজিত প্ৰাইজমানি ক্ৰিকেট খেলখনত ৰাজ্যৰ আশীটাকৈ দলে অংশ গ্ৰহণ কৰিছে বুলি উদ্যোগতাই জানিবলৈ দিছে । এই খেলখনৰ উদ্যোক্তাৰ এই সময়োচিত পদক্ষেপৰ বাবে আমিন গাঁৱত সকলোৱে এই সকলক প্ৰশংসাৰে ওপচাই পেলাইছে ।
আমিনগাঁৱৰ পৰা পঙ্কজ নাথৰ ৰিপৰ্ট ।