Daily Time Axom

পৃথিৱীৰ এক বৃহৎ চাইবাৰ আক্ৰমণ ৷ মুহূৰ্ত্বতে বিকল দেশৰ হাজাৰ হাজাৰ এটিএম ৷

0 11

শংকা ঘূণীভূত হৈ আছিল যে দেশখনত যিকোনো মুহূৰ্ততে আক্ৰমণ কৰিব ৰাচিয়াৰ সেনাই ৷ দেশখন ৰাচিয়াৰ চুবুৰীয়া দেশ ইউক্ৰেন ৷ পিছে ৰাচিয়াৰ সেনাই আক্ৰমণ কৰা নাই এতিয়ালৈ ৷ ইউক্ৰেইনত চলিল চাইবাৰ আক্ৰমণ ৷ চলিল হেকাৰৰ আক্ৰমণ ৷ এই বৃহত্তম চাইবাৰ আক্ৰমণত বিপৰ্যয় হৈ পৰিছে ইউক্ৰেইন ৷ যুদ্ধকাতৰ পৰিস্থিতিৰ মাজতে ইউক্ৰেইনৰ কঁকাল ভাঙি পেলাইছে চাইবাৰ আক্ৰমণে ৷ এই চাইবাৰ আক্ৰমণ ৰাচিয়াক দ্বাৰা কৰা হৈছে বুলি সকলোৱে অনুমান কৰিছে ৷ কিয়নো পূৰ্বেও বহুবাৰ ইউক্ৰেনত ৰাচিয়াই চাইবাৰ আক্ৰমণ চলোৱাটো প্ৰমাণিত হৈছিল ৷ কিন্তু ৰাচিয়াৰ এইবাৰৰ আক্ৰমণটো বৰ্তমানলৈ সৰ্ব্ববৃহৎ বুলি কোৱা হৈছে ৷

শাখা বেংক সমূহৰ সৈতে মূল চাৰ্ভাৰৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ বিকল হৈ পৰিছেসকলো এটিএম ৷দেশখনৰ ইন্টাৰনেট সেৱাও ব্যাহত হৈ পৰিছে । সকলো চৰকাৰী কাম-কাজ স্তব্ধ হৈ পৰিছে । সন্দেহৰ আঙুলি নিশ্চিতভাৱে উঠিছে পুটিনৰ দেশ ৰাচিয়াৰ বিৰুদ্ধে ৷

Leave A Reply

Your email address will not be published.