Daily Time Axom

পবিত্ৰ মাঘী পূৰ্ণিমাত বিশ্ববাসী মঙ্গলাৰ্থে উত্তৰ গুৱাহাটী আউনীআটী সত্ৰত হোম-যজ্ঞ, চাংসাৰি ৰাজহুৱা সভাত বিষ্ণু যজ্ঞ , বেজেৰাত ভাগৱত পাঠ

0 13

আজি পবিত্ৰ মাঘ মাহৰ পূৰ্ণিমা তিথি। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে আজি এটি শুভ দিন। আজিৰ দিনটোত ভগৱান আশিস প্ৰাপ্তিৰ অৰ্থে তীৰ্থ নগৰী উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়, দৌলগোবিন্দ মন্দিৰ, শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰত বিশ্ববাসীৰ কল্যাণ মঙ্গল কামনা কৰি ৰাতিপুৱাৰে পৰা ভক্ত বৈষ্ণৱৰ উপস্থিত হোম-যজ্ঞ আৰম্ভ হৈছে। পূৰ্ণাহুতিৰ অন্তত ভক্তসকলক ভোগ প্ৰসাদ বিতৰণ কৰা হ’ব। আজি হোম-যজ্ঞ অনুষ্ঠানত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামীয়ে ভক্তসকলক আশিস প্ৰদান কৰে।

আনহাতে চাংসাৰি আৰু বেজেৰাতো মাঘী পূৰ্ণিমা তিথিত বিষ্ণু যজ্ঞ ভাগৱত পাঠ কৰা হয়। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ চাংসাৰি আৰু বেজেৰাটো মাঘী পূৰ্ণিমা তিথিত বিষ্ণু যজ্ঞ, ভাগৱত পাঠ অনুষ্ঠিত কৰা হয়। ইয়াকে লৈ পুৱাৰে পৰা চাংসাৰি বিষ্ণু মঞ্চ আৰু বেজেৰা কীৰ্ত্তন ঘৰলৈ অসংখ্য ভক্তৰ সমাগম হয়। ইয়াৰ পিছত বেজেৰাত ভাগৱত লৈ এক বিশাল শোভাযাত্ৰা কৰে । কালি চাংসাৰি ৰাজহুৱা সভা আৰু বিষ্ণু যজ্ঞ উপলক্ষেও চাংসাৰিৰ প্ৰতিটো নামঘৰৰ গোহাঁই থান সমূহ ধৰ্মীয় শোভাযাত্ৰা কৰি চাংসাৰি বিষ্ণু মঞ্চলৈ অনা হৈছিল।

Leave A Reply

Your email address will not be published.