Daily Time Axom

পুৰুষ নিৰ্যাতন ! এইখন অসমতে পত্নীৰ বিৰুদ্ধে শাৰীৰিক-মানসিক নিৰ্যাতনৰ অভিযোগ এজন স্বামীৰ

0 6

এইখন অসমতে ঘটিছে স্বামী নিৰ্যাতনৰ ঘটনা ৷ অমৃত দেৱনাথ নামৰ এজন লোকে নিজ পত্নীৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰা অনুসৰি ২০২১ বৰ্ষৰ ১ মাৰ্চত হোজাইৰ ধনীৰাম পথাৰৰ এগৰাকী যুৱতীৰে বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পাছৰ পৰাই পত্নীয়ে স্বামী আৰু স্বামী পৰিয়ালক বিভিন্ন ধৰণে অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে ।
স্বামীৰ ওপৰত চলোৱা অত্যাচাৰৰ পাছতে ভুক্তভোগী স্বামীয়ে উপায়হীন হৈ আইনৰ কাষ চাপিছে। আনকি পত্নী ৰত্না দেৱনাথে বিভিন্ন ধৰণৰ ব্লেকমেইলিঙো কৰি অহাৰ অভিযোগ তুলিছে।


স্বামী অমৃতে আত্মহত্যাৰ ভাবুকি দি ব্লেকমেইলিং কৰাৰ ভয়ংকৰ অভিযোগ তুনিছে পত্নী ৰত্নাৰ বিৰুদ্ধে |
কার্বি আংলঙৰ ডকমকাৰ এই গৰাকী অমৃত দেৱনাথে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত পৃথকে পৃথকে ডকমকা আৰক্ষী থানা, হোজাই আৰক্ষী থানাৰ লগতে হোজাই জিলা আৰক্ষী অধীক্ষককো পত্নী ৰত্নাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।
স্বামী আৰু স্বামী পৰিয়ালক অত্যাচাৰ আৰু ব্লেকমেইলিং কৰাৰ প্ৰচেষ্টাত পত্নীৰ পিতৃ-মাতৃ, ককায়েক আৰু ভিনিয়েকে সহযোগ কৰাৰ অভিযোগ তুলিছে।

Leave A Reply

Your email address will not be published.