নিষিদ্ধ যৌনপট্টিত ভয়ংকৰ অগ্নিকাণ্ড, ৫খন হোটেল আৰু ৪০ টা ঘৰ ভষ্মীভূত
পশ্চিম বংগৰ বছিৰহাট মহকুমাৰ মাটিয়া অঞ্চলত বুধবাৰে আবেলিৰ সময়ত যৌন কৰ্মীসকলৰ ঘৰত জুই লগাত কৰ্মীসকল ৰাজপথলৈ ওলাই আহে। তিনিখনকৈ অগ্নি নিৰ্বাপক গাড়ীয়ে দুঘণ্টাজুৰি প্ৰচেষ্টা চলায় জুই নিয়ন্ত্ৰণলৈ আনে।
স্থানীয় লোকসকলৰ মতে, আবেলি প্ৰায় ৩.৩০ বজাত বানাপল্লীৰ এখন হোটেলৰ কোঠাৰ পৰা ধোঁৱা ওলোৱা পৰিলক্ষিত হয়, মুহূৰ্ততে জুইৰ শিখাই একেৰাহে পাঁচখন হোটেল আগুৰি ধৰিলে। স্থানীয় দোকানীসকলে জুইত পানী ঢালি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰিছিল যদিও তেতিয়ালৈকে জুই মাটিয়াৰ নিষিদ্ধ পট্টিটোৰ প্ৰায় পাঁচখন হোটেললৈ বিয়পি পৰে।
পট্টিটোৰ প্ৰায় ৪০ টা বাসগৃহ এই অগ্নি কাণ্ডৰ ফলত ভষ্মীভূত হয় ৷ ২০০তকৈ অধিক লোক গৃহহাৰা হয় ।
পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ মাটিয়া বানাপল্লীত হাজাৰ হাজাৰ যৌন কৰ্মী আছে। বহুলোকে তাত নিয়মীয়াকৈ ভ্ৰমণ কৰে। হোটেলৰ মালিকসকলে অনুমান কৰিছে যে জুই যৌনপট্টিলৈ অহা এজন গ্ৰাহকৰ বিড়িৰ জুইৰ পৰা আৰম্ভ হৈছিল। ইতিমধ্যে অগ্নিকাণ্ডৰ কাৰণ অনুসন্ধান কৰা হৈছে।