‘মোৰ মা যৌনকৰ্মী নাছিল’ ৷ মুক্তিৰ আগতেই বিতৰ্কত আলিয়া ভাটৰ ‘গঙ্গুবাই’ ৷

আলিয়া ভাট অভিনীত ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ মুক্তিৰ আগতে বিতৰ্কত সোমাই পৰিছে । সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত, ‘গংগুবাই’ক যৌন কৰ্মী হিচাপে দেখুওৱা হৈছে। সেয়ে তেওঁৰ পৰিয়ালৰ খং।

‘গংগুবাই’ৰ পুত্ৰ বাবুৰাওজী শ্বাহে ইয়াৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে ।

জনা গৈছে যে, সঞ্জয় লীলা ভাঞ্চালীয়ে হুছেইন জৈদীৰ বিখ্যাত উপন্যাস ‘মাফিয়া কুইনছ অফ মুম্বাই’ৰ ওপৰত আধাৰিত ‘গংগুবাই কাঠিয়াৱাড়ী’ নিৰ্মাণ কৰিছে।

গঙ্গুবাইৰ পৰিয়ালে অভিযোগ কৰিছে যে মুম্বাইৰ কঠিয়াৱাড়ীৰ বাসিন্দা গংগা হৰিজীৱন্দাছ ওৰফে ‘গঙ্গুবাই’ক চিনেমাখনত যিদৰে বৰ্ণনা কৰা হৈছে সেয়া একেবাৰে শুদ্ধ নহয়।

গংগা হৰিজীৱন দাসৰ পুত্ৰ বাবুৰাওজী শ্বাহে কয়, “সঞ্জয় লীলা ভাঞ্চালীয়ে মোৰ মাক যৌন কৰ্মীলৈ পৰিণত কৰিছে। এতিয়া মানুহে তেওঁৰ বিষয়ে বেয়াকৈ কথা কৈ আছে।”

গঙ্গুবাইৰ পৰিয়ালৰ অধিবক্তাই দাবী কৰিছে, “ছবিখনত গঙ্গুবাইক ডন হিচাপে দেখুওৱা হৈছে। ছবিখনত তেওঁক বৰ বেয়াকৈ দেখুওৱা হৈছে। ইয়াৰ কোনো ভিত্তি নাই। লেতেৰা কৰা হৈছে তেওঁৰ চৰিত্ৰটি । ছবিখনত এজন সমাজকৰ্মীক যৌন কৰ্মী হিচাপে দেখুওৱা হৈছে। ‘কোন পৰিয়ালে এয়া সহ্য কৰিব ?’

Comments (0)
Add Comment