Daily Time Axom

অভিনেত্ৰী কাজলে কিনিছে নতুন ফ্লেট! কিমান দাম?

0 9

অভিনেত্ৰী কাজলে মুম্বাইৰ অভিজাত অঞ্চল জুহুত ফ্লেট কিনিছে। এটা নহয়, দুটা। জুহুৰ এটা বহুমহলীয়া এপাৰ্টমেণ্টৰ দশম মহলাত অৱস্থিত দুটা ফ্লেটৰ বাবে কাজলে ১১.৯৫ কোটি টকা পৰিশোধ কৰিব লগা হৈছে।

কাজল এতিয়া তেওঁৰ স্বামী আৰু পুত্ৰৰ সৈতে শিৱ শক্তি বাংলোত বাস কৰে। অজয়-কাজলৰ জীয়ৰী নাইছা বিদেশত পঢ়ি আছে।

কাজলে ক্ৰয় কৰা প্ৰথম ফ্লেটটো হৈছে ১০৯২ বৰ্গফুট, অভিনেত্ৰীগৰাকীয়ে ইয়াৰ বাবে ৫৮.৬ কোটি টকা ব্যয় কৰিছে। ১১৫৭ বৰ্গ ফুটৰ দ্বিতীয় ফ্লেটটোৰ মূল্য ৬৯ কোটি টকা।

জানিব পৰা গৈছে যে কাজলে এই দুটা ফ্লেট ১২ আৰু ১৩ জানুৱাৰীত পঞ্জীয়ন কৰিছে।

Leave A Reply

Your email address will not be published.