আহি আছে অক্ষয় কুমাৰৰ নতুন ছবি ‘বচ্চন পাণ্ডে’

মুক্তি পালে অক্ষয় কুমাৰৰ নতুন ছবি ‘বচ্চন পাণ্ডে’ৰ ট্ৰেলাৰ ৷ ছবিখনত অক্ষয় কুমাৰৰ লগত নদায়িকা হিচাবে আছে কৃতি ছৱযাসন আৰু জ্যেকলিন ফাৰ্ণাণ্ডেজ ৷

এটা চকু বেয়া, চকুটোত পাথৰ লগোৱা ৷ এজন দয়া-মায়াহীন হত্যাকাৰী ৷ হত্যাৰ পিছত কয় হত্যা কৰি তেঁওৰ মজা লাগে ৷ ‘বচ্চন পাণ্ডে’ৰ ট্ৰেলাৰৰ এই দৃশ্যটি চাই আপোনাৰ কঁপনি উঠিব ৷ ট্ৰেলাৰ মুক্তিৰ পিছতেই ব্যাপক চৰ্চা লাভ কৰিছে ছবিখনে ৷

নিজৰ চ’চিয়েল মিডিয়া হেণ্ডেলত ’বচ্চন পাণ্ডে’ৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছে অক্ষয় কুমাৰে । নতুন পোষ্টাৰত অক্ষয় কুমাৰক দেখা গৈছে অতি কঠিন চেহেৰাৰে ৷ হোলীৰ সময়তে মাৰ্চ মাহৰ ১৮ তাৰিখে মুক্তি পাব ‘বচ্চন পাণ্ডে’ ৷

Comments (0)
Add Comment