নাৰায়ণপুৰত বিধায়ক অমিয় ভূঞাক প্ৰত্যাহ্বান জনাই নিৰ্দলীয় প্ৰাৰ্থীৰ পৌৰসভা নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ


বৰ্তমান শাসনাধিষ্ঠ বিজেপি দলৰ বিধায়কক প্কেৰত্ৰেহাবান জনাই নাৰায়ণপুৰ পৌৰসভাৰ নিৰ্দলীয় প্ৰাৰ্থী আৰু সমৰ্থক সকলে ব্যাপকপ্ৰচাৰ অভিযান চলাইছে । যিহেতু পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । এই লৈ বিজেপি মিত্ৰজোঁট,কংগ্ৰেছ দলৰ সমান্তৰালকৈ ৰৈ থকা বিভিন্ন পৌৰসভা আৰু নগৰ সমিতিৰ এলেকাত নিৰ্দলীয় প্ৰাৰ্থী সকলে । বিশেষকৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ পৌৰসভাৰ অন্তৰ্গত ১০ টাকৈ ৱাৰ্ডত বিজেপি মিত্ৰজোঁট দলে নিজাববীয়াকৈ প্ৰাৰ্থীত্ব আগবঢ়োৱা বিপৰীতে কংগ্ৰেছ দলে কেইবাগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰে একগোট হৈ বিজেপি দলক পৰাজিত কৰিবলৈ উঠি-পৰি লাগিছে নাৰায়ণপুৰত । ক’ব লাগিব যে এসময়ত কংগ্ৰেছ দলৰ পৰা নাৰায়ণপুৰ নগৰ সমিতিৰ সভাপতি পদ অলঙ্কিত কৰা হৰিশ চন্দকে বিজেপিত যোগদান কৰিছিল যদিও বৰ্তমানৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞাৰে ব্যক্তিগত ভাৱে মনোমালিন্য হোৱাত পৌৰসভাটোৰ ৰাইজে পুনৰ হৰিশ চন্দককে সমৰ্থন কৰি ওলাই আহে দহটাকৈ ৱাৰ্ডৰ শতাধিক লোক , মহিলা গোটৰ সদস্য সকল। যাৰ বাবে পৌৰসভাৰ বিভিন্ন কাম-কাজ সাংবিধানিক ৰূপত কৰাৰ স্বাৰ্থত সাধাৰণ সদস্য সকললৈ আগন্তুক নিৰ্দলীয় প্ৰাৰ্থীক নগৰখনৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিবলৈ সুযোগ দিয়াৰ আহ্বান জনায়।

(নাৰায়ণপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট ।)

Comments (0)
Add Comment