Daily Time Axom

বান প্ৰতিৰোধৰ প্ৰস্তুতিৰ বুজ লৈ পুঁজি মুকলিৰ নিৰ্দেশ জলসম্পদ মন্ত্ৰীৰ

0 4

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আগন্তুক বাৰিষাৰ পূৰ্বে ৰাজ্যখনত বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ কৰাত গুৰুত্ব আৰোপ কৰিছে ৷ এই উদ্দেশ্যৰে সোমবাৰে জিলাসমূহলৈ ফ্লাড ড্রিল শিতানৰ পুঁজি মুকলি কৰি দিবলৈ জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলক নির্দেশ প্রদান কৰে।

মন্ত্ৰী পীযূষ হাজৰিকাই সোমবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত জলসম্পদ বিভাগৰ শীর্ষ বিষয়ববীয়াৰে ৰাজ্যখনত মথাউৰি নির্মাণ আৰু সুৰক্ষা, খহনীয়া প্ৰতিৰোধৰ বাবে আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লৈ বিভাগীয় বিষয়াসকলক এই নির্দেশ প্রদান কৰে। মন্ত্ৰীগৰাকীয়ে লগতে আগন্তুক বাৰিষাৰ সময়চোৱাত বানপানীয়ে অধিক ক্ষতিসাধন কৰিব পৰা এলেকা আৰু মথাউৰিসমূহ চিনাক্ত কৰি সেই সমূহৰ সুৰক্ষাৰ দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবেও বিভাগীয় বিষয়াসকলক নির্দেশ প্রদান কৰে। আলোচনা সভাত মন্ত্ৰীগৰাকীয়ে সকলো বিষয়াক বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে আঁচনি গ্ৰহণৰ সময়ত তেনে আঁচনিৰ সৈতে জড়িত সকলো দিশৰ পুংখানুপুংখ বিশ্লেষণ কৰি বিজ্ঞানসম্মতভাবে কাম আগবঢ়াই নিবলৈও নির্দেশ প্রদান কৰে।

তেওঁ লগতে আগন্তুক বৰ্ষত ৰাজ্যখনত খহনীয়া প্ৰতিৰোধ আৰু মথাউবির সুৰক্ষা কামৰ

লগতে নতুন মথাউৰি নিৰ্মাণৰ কামক অগ্রাধিকাৰ প্ৰদান কৰিবলৈও জলসম্পদ বিভাগৰ অভিযন্তাসকলক নির্দেশ প্রদান কৰে। আজিৰ সভাত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাচী আৰু জলসম্পদ বিভাগৰ

মুখ্য অভিযন্তা বৰসিং বংপি আৰু বিভিন্ন বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.