জামুগুৰিহাটত পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত
জ্যেষ্ঠজনৰ চৰণ চুই, গান গায়, নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীৰ।
অহা ৬ মাৰ্চত অনুষ্ঠিত হ’ব লগা পৌৰসভাৰ নিৰ্বাচনৰ বাবে জামুগুৰি পৌৰসভাৰ এলেকাটো আকৰ্ষণীয় হৈ উঠিছে প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। ১০ টা ৱাৰ্ডেৰে গঠিত জামুগুৰি পৌৰসভাৰ ১০ নং বাৰ্ডৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰতিদন্দিতা আগবঢ়োৱা পল্লবিতা শৰ্মাৰ আকৰ্ষণীয় নিৰ্বাচনী প্ৰচাৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জ্যেষ্ঠজনৰ চৰণ চুই, দলীয় নেতা কৰ্মীৰ লগত গান গায়, নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলোৱা এই গৰাকী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে ৰাইজৰ পৰা ভোট ভিক্ষা কৰি নিৰ্বাচনত বিজয় হোৱাৰ পাছত ৰাইজক দিলে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি ।
(জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।)