জামুগুৰিহাটৰ বাপুজী ভৱনত তিনিখনকৈ কাব্যগ্ৰন্থ উন্মোচন


শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাপুজী ভৱনৰ প্ৰেক্ষাগৃহত ৰবিবাৰে বিয়লি তিনিখনকৈ কাব্য গ্ৰন্থৰ উন্মোচন হয় ৷ জামুগুৰি কবি মঞ্চৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত জামুগুৰিহাটৰ তিনি গৰাকী বিশিষ্ট কবি ক্ৰমে তৰুণ বৰুৱাৰ ‘কঠনা ফুল’ উন্মোচন কৰে লেখক-সাহিত্যিক দিলীপ ভট্ৰাচাৰ্য্যই ৷ বৰ্ষীয়ান কবি ফুল হাজৰিকাৰ ‘এৰাসুতিৰ পলস’ কাব্য গ্ৰন্থখনি উন্মোচন কৰে অৱসৰী অধ্যক্ষ তথা বিশিষ্ট কবি জনাৰ্দ্দন ভূঞাই ৷ অৱসৰী শিক্ষয়ত্ৰী অঞ্জনা দেৱীৰ ‘সেই নদীয়েদি’ কাব্য গ্ৰন্থখনি উন্মোচন কৰে জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক লেখক নাৰায়ণ শইকীয়াই ৷ বিশিষ্ট চিকিৎসক তথা অসম কবি মঞ্চৰ সভাপতি ডা° হৰেণ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনিৰ আঁত ধৰে জামুগুৰি কবি মঞ্চৰ সম্পাদক কৃষ্ণ তালুকদাৰে ৷

জাুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট

Comments (0)
Add Comment