Daily Time Axom

লালু প্ৰসাদ যাদৱক ৫ বছৰৰ কাৰাবাস আৰু ৬০ লাখ টকাৰ জৰিমনা ৷ শাস্তি ঘোষণা চিবিআই আদালতৰ ৷

0 13

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱক ৰাঁচীৰ চিবিআইৰ আদালতে ৫ বছৰৰ কাৰাদণ্ডৰ লগতে ৬০ লাখ টকাৰ জৰিমনাৰে শাশ্তি প্ৰদান কৰিছে ৷ পশু খাদ্য কেলেংকাৰীৰ পঞ্চমটো গোচৰত এই ৰায়দান দিয়ে চিবিআইৰ বিশেষ আদালতখনে ৷ ইতিমধ্যেই পশু খাদ্য কেলংকাৰীৰ পঞ্চমটো গোচৰৰ ৰায়দান কৰি লালু প্ৰসাদ যাদৱক দোষী সাব্যস্ত কৰিছে আদালতে ৷ সোমবাৰে ঘোষণা হ’ল এই গোচৰৰ শাস্তি।

উল্লেখযোগ্য যে, কিছুদিনৰ পূৰ্বে দিল্লীত সাংবাদিকৰ মুখামুখী হৈ নিৰ্বাচনী ৰাজনীতিলৈ উভতি অহাৰ ইংগিত প্ৰদান কৰি কৈছিল অচিৰেই তেঁও সংসদীয় ৰাজনীতিলৈ উভতিব । কিন্তু তাৰ পূৰ্বেই সোমবাৰে আহিল এই শাস্তিৰ ঘোষণা।

লালু প্ৰসাদ যাদৱক পশুখাদ্য কেলেংকাৰীত ৫ বছৰৰ শাস্তি, ৬০ লাখ টকা জৰিমনা

দোৰাণ্ডা কোষাগাৰৰ সৈতে সম্পৰ্কিত পশুখাদ্য কেলেংকাৰীৰ গোচৰত লালু প্ৰসাদ যাদৱক পাঁচ বছৰৰ কাৰাদণ্ড দিয়া হৈছে। দোৰাণ্ডা ট্ৰেজাৰী গোচৰটো পশুখাদ্য কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ ঘটনা । এই গোচৰৰ ৰায়ত লালু যাদৱক পশুখাদ্য কেলেংকাৰীৰ মুখ্য ষড়যন্ত্ৰকাৰী বুলি দোষী সাব্যস্ত হৈছে। লালুক ইয়াৰ পূৰ্বে চাৰিটা গোচৰত দোষী সাব্যস্ত কৰা হৈছে। লালু বৰ্তমান জামিনত আছে যদিও এই গোচৰটোতো দোষী ঘোষিত হোৱাৰ লগে লগে দিল্লীৰ এখন চিকিৎসালয়ত কিডনীৰ সমস্যাৰ বাবে ভৰ্তি হয়। ১৫ ফেব্ৰুৱাৰীত চিবিআইৰ ৰাঁচীৰ বিশেষ আদালতে লালু প্ৰসাদ যাদৱ আৰু অন্যান্য অভিযুক্তসকলক ১৩৯.৫ কোটি টকা আৰু পশুখাদ্য কেলেংকাৰীত দোষী সাব্যস্ত কৰিছিল ।

Leave A Reply

Your email address will not be published.