কাশ্মিৰী পণ্ডিতৰ দুৰ্দশাৰ কাহিনীৰে মিথুনৰ নতুন ছবি ‘দ্য কাশ্মীৰ ফাইলছ’
কৰ’না সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহাৰ বাবে বলীউডৰ কেইবাখনো চলচ্চিত্ৰই মুক্তি পাব। তালিকাখনত পৰিচালক বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ অন্তৰ্ভুক্ত আছে। ছবিখন ১১ মাৰ্চত মুক্তি পাব। চলচ্চিত্ৰখনে কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশাৰ কাহিনী বৰ্ণনা কৰিছে। অভিনেতা মিথুন চক্ৰৱৰ্তীক ‘দ্য কাশ্মীৰ ফাইলছ’ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। তাত অভিনেতা অনুপম খেৰ, পল্লৱী যোশী, দৰ্শন কুমাৰ, পুনীত ইছাৰ, প্ৰকাশ বেলাৱাদীও আছে। ছবিখনৰ ট্ৰেইলাৰ অলপতে মুক্তি দিয়া হৈছে।
প্ৰায় ৩০ বছৰ আগতে, এদিন ৰাতি, মছজিদৰ লাউডস্পীকাৰত ঘোষণা কৰা হৈছিল যে কাশ্মীৰী পণ্ডিতসকলে ৰাজ্য এৰিব লাগিব। অন্যথা, ইছলাম ধৰ্ম গ্ৰহণ কৰিব লাগিব। যদি এই নিয়ম অনুসৰণ কৰা নহয়, প্ৰতিটো কাশ্মীৰী পণ্ডিত পৰিয়ালৰ পুৰুষ সদস্যক হত্যা কৰা হ’ব। ঘোষণাৰ পিছতে লাখ লাখ কাশ্মীৰী পণ্ডিতৰাজ্যৰ পৰা পলাই গৈছিল। বহুতো সাধাৰণ লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। আজিও কাশ্মীৰী পণ্ডিতসকলে সেই ভয়ংকৰ ঘটনাটো পাহৰিব নোৱাৰে। সেই অতীতৰ কাহিনী আৰু বৰ্তমানত তেওঁলোকৰ পৰিস্থিতি ছবিখনত আলোকপাত কৰা হৈছে।
বিবেক অগ্নিহোত্ৰীয়ে এই ছবিখনৰ বাবে মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে। ছ’চিয়েল মিডিয়াত পৰিচালকজনে কয় যে এই চলচ্চিত্ৰখনৰ জৰিয়তে পৰ্দাত বহুতো অজ্ঞাত কাহিনী চিত্ৰিত কৰা হৈছে।