গোলাঘাট প্ৰেছ ক্লাবত মঙলবাৰে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক,কবি,গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দিলীপ কুমাৰ শৰ্মা আৰু বিশিষ্ট লেখক,প্ৰবীণ সাংবাদিক,শিক্ষাবিদ উপেন দত্তৰ দুখনকৈ মননশীল গ্ৰন্থ উন্মোচিত হৈ যায় । গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি,অধ্যাপক দেৱজিৎ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উন্মোচনী অনুষ্ঠান শুভ উদ্বোধন কৰে বিশিষ্ট লেখক,নিৱন্ধকাৰ,গোলাঘাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ডাঃ অজিত বৰুৱাই । ক’ভিডসৃষ্ট পৰিৱেশৰ পটভূমিত সাৱলীলৰূপত গোলাঘাট প্ৰেছ ক্লাবৰ দ্বাৰা প্ৰকাশিত দিলীপ কুমাৰ শৰ্মাৰ গল্প সংকলন ‘দুৰ্দশা’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই । উপেন দত্তৰ ‘ মন পৰশা সাধু’ উন্মোচন কৰে বিশিষ্ট লেখক,নিৱন্ধকাৰ ডাঃ অজিত বৰুৱাই । অনুষ্ঠানত বিশিষ্ট বোলছবি প্ৰযোজক,সাহিত্যিক নুৰুল চুলতান, প্ৰবীণ সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱা আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।
অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞাই । শলাগৰ শৰাই আগবঢ়ায় গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কৌস্তুভমণি হাজৰিকাই ।
উল্লেখ্য যে, বিশিষ্ট লেখক,শিক্ষাবিদ দিলীপ কুমাৰ শৰ্মাই ২০ খনৰো অধিক কবিতা পুথি,গল্প সংকলন,উপন্যাস আদি ৰচনা কৰি নিৰলস সাহিত্য সাধনাৰে অসমীয়া সাহিত্যলৈ বিশেষ অৱদান আগবঢ়াইছে ।সেইদৰে বিশিষ্ট লেখক,সাংবাদিক,শিক্ষাবিদ উপেন দত্তই ২১ খন অধিক গ্ৰন্থ ৰচনা কৰি সাহিত্য সাধনাৰ ধাৰা অব্যাহত ৰাখিছে ।