নুমলীগড় শোধনাগাৰে বাঁহ ব্যৱহাৰ কৰি উৎপাদন কৰিব ইথানল
নুমলীগড় ৰিফাইনেৰী লিমিটেডে (এনআৰএল) বাঁহৰ পৰা ইথানল নিৰ্মাণৰ বাবে ফিনলেণ্ডৰ এটা কোম্পানীৰ সৈতে সংযোগ হৈছে। এন আৰ এলৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে চিআইআইৰ এটা অনুষ্ঠানত প্ৰায় ভাষণ দি থকাৰ সময়ত এই কথা অৱগত কৰে। তেওঁ কয় যে কোম্পানীটোৱে এটা জৈৱ-ইথানল প্ৰকল্পত যথেষ্ট বিনিয়োগ কৰিছে। তেওঁৰ মতে, এন.আৰ.এল-য়ে কেপ্তিভ
শক্তি উৎপাদনৰ পৰা আঁতৰি গ্ৰিডলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছে, যাৰ বাবে বিদ্যুৎ ক্ৰয় চুক্তিৰ প্ৰয়োজন হ’ব।