শীঘ্ৰেই আকৌ মাহ-হালধি ঘঁহি বিয়াত বহিব ঋত্বিক ৰোচনে ! ঋত্বকৰ পৰিয়ালৰ সৈতে ফটো উঠিলে কইনাই
বলিউডত এতিয়া বিয়াৰ বতৰ ৷ এখন ৰেষ্টুৰেণ্টৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পিছত তেওঁ পুনৰ আনখন ৰেষ্টুৰেণ্টত প্ৰেমিকাৰ হাতত হাত ধৰি সোমাই পুনৰ ওলাই আহিল। তাৰ পিছত বজাৰ কৰিবলৈ গ’ল। পোষ্ট কৰিছে পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰৰ এখন ছবি। এনেদৰেই, হৃত্বিক ৰোশন আৰু চাবা আজাদে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ ওলাই আহি দেখাবলৈ আৰম্ভ কৰিছে।
তেওঁলোকে এইবাৰ বিয়া পাতিব নেকি? বন্ধু ফাৰহান আখটাৰৰ বিয়াত উপস্থিত থকাৰ পিছত, হৃত্বিকে বিয়াৰ ইংগিত প্ৰকাশ কৰিছিল । সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, হৃত্বিক চাবাৰ সৈতে সম্পৰ্ক অতি নিষ্ঠাৱান। তেওঁ প্ৰেমৰ সম্পৰ্কক আৰু এখোজ আগুৱাই নিব বিচাৰে। চাবা-হৃত্বিকৰ বিয়া কেৱল পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিতহে অনুষ্ঠিত হ’ব। দুয়োজনে কেতিয়া বিয়া পাতিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু হৃতিকে তেওঁৰ ইচ্ছা প্ৰকাশ কৰিছে।
যোৱা দেওবাৰে হৃত্বিকৰ খুৰাক ৰাজেশ ৰোশনে নেটত পোষ্ট কৰা পাৰিবাৰিক ছবিখনে জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। চাবা আজাদ ছবিখনত পৰিয়ালৰ আন সদস্যসকলৰ সৈতে আছিল। এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, “হৃত্বিক আৰু চাবাই প্ৰথমে টুইটাৰত প্ৰকাশ কৰিছিল কথাটো আৰু এতিয়া প্ৰায় দুই-তিনি মাহ ধৰি ডেটিং কৰি আছে। যদিও আগতে খবৰ উলাইছিল যে দুয়োজন চেলিব্ৰিটি এটা ডেটিং এপত কথোপকথন কৰিছিল। হৃতিকে এবাৰ চাবা আজাদৰ এটা ভিডিঅ’ টুইটাৰত লাইক আৰু শ্বেয়াৰ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত, চাবাই হৃত্বিকক মেচেজ কৰিছিল আৰু তেওঁক ধন্যবাদ জনাইছিল। তেনেকৈয়ে তেওঁলোকৰ সম্পৰ্ক আৰম্ভ হৈছিল।