কৰ্কট ৰোগত আক্ৰান্তহৈ মৃত্যুৰে যুঁজি থকা ৰুমীক এতিয়া চৰকাৰ তথা ৰাইজৰ অলপমান সহায়ৰ প্ৰয়োজন

নামতিৰ মিছাজান কমাৰ গাঁৱৰ ৰুমী কলিতা নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকী
বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় AMCত চিকিৎসাধীন হৈ আছিল |

কিছুদিনৰ পূৰ্বে ৰুমী কলিতাৰ শৰীৰত ধৰা পৰে কৰ্কট ৰোগৰ উপস্থিতি।

ডিব্ৰুগড়ৰৰ চিকিৎসকে ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিয়ে ।

কিন্তু চিকিৎসাৰ নামত ইতিমধ্যেই সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটি |

উপায়হীন হৈ ৰুমী কলিতাৰ ভাতৃয়ে সংবাদমাধ্যমৰ জৰিয়তে চৰকাৰ লগতে ৰাইজক জনাইছে কাতৰ আহ্বান !
আমাৰ পৰিয়ালটিক উদ্ধাৰ কৰক |

কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজি থকা ৰুমী কলিতাক এতিয়া প্ৰয়োজন চৰকাৰ তথা কোনো হৃদয়বান লোকৰ অলপমান সহায়ৰ ।

চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা অৰ্থ কোনোফালৰ পৰা যোগাৰ কৰিব নোৱৰা পৰিয়ালটোৰ বাবে চৰকাৰ তথা ৰাইজেই এতিয়া অন্তিম ভৰষা |

কোনো হৃদয়বান ব্যক্তিয়ে যদি এই পৰিয়ালটিক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে 6002594389 নাম্বাৰত যোগাযোগ কৰাৰ লগতে A/C No- 0730010204880
IFSC PUNB0073020 সহায়ৰ হাত আগবঢ়াব পাৰিব ।

Comments (0)
Add Comment