‘জিনিয়াছ’ পুটিন, ট্ৰাম্পৰ প্ৰশংসা

মাত্ৰ দুদিন আগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদীসকলৰ দ্বাৰা অধিকৃত দুয়োটা অঞ্চলক স্বাধীন বুলি ঘোষণা কৰিছিল। তেতিয়াৰ পৰাই পশ্চিম ইউৰোপীয় দেশসমূহ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ক্ষুব্ধ হৈ পৰিছে । ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞাও আৰম্ভ হৈছে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইতিমধ্যে প্ৰাৰম্ভিক নিষেধাজ্ঞা ঘোষণা কৰিছে। কিন্তু বিপৰীত পথত খোজ কাঢ়ি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ।

ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক “স্মাৰ্ট” আৰু “জিনিয়াছ” বুলি অভিহিত কৰিছিল। তেওঁ মন্তব্য কৰে যে ইউক্ৰেইনৰ সীমান্তৰ এই জটিল পৰিস্থিতি তেওঁৰ কাৰ্যকালত হোৱা নাছিল।

ট্ৰাম্পে পুটিনৰ লুহানস্ক আৰু ডনেটস্কলৈ “শান্তিৰক্ষী বাহিনী” প্ৰেৰণ কৰাৰ সিদ্ধান্তকো প্ৰশংসা কৰিছে। “মই আমাৰ দক্ষিণ সীমান্তত আটাইতকৈ শক্তিশালী শান্তিৰক্ষী বাহিনী দেখিছোঁ। পুটিন অতি বুদ্ধিমান, তেওঁ সেই দুটা অঞ্চললৈ সৈন্য প্ৰেৰণ কৰি যথেষ্ট ভাল কাম কৰিছে। মই তেওঁক দীৰ্ঘদিন ধৰি চিনি পাওঁ আৰু মই তেওঁক ভালদৰে চিনি পাওঁ। ”

Comments (0)
Add Comment