Daily Time Axom

উত্তৰ কামৰূপ বন সংমণ্ডলত চলিছে অবাধ বনধ্বংস যজ্ঞ

0 5

কামৰূপৰ চিলা বনাঞ্চলত কেইদিনমান আগতে বনৰজা কোনো অজ্ঞাত লোকৰ ফাণ্ডত বন্দী হোৱাৰ পিছতে ৰাইজৰ তুমুল প্ৰতিক্ৰিয়াৰ অন্তত চিলা বনাঞ্চলৰ পাহাৰত বাঘ গণনাৰ বাবে আগুৱাই আহিল কামৰূপ প্ৰশাসন কিম্বা উত্তৰ কামৰূপ বন সংমণ্ডল। ইয়াৰ সংক্ৰান্ততে দুদিনমান আগতে পাহাৰত বাঘ গণনাৰ বাবে কেমেৰা সংযোজন কৰিবলৈ গৈ বিবুধিত পৰিল কামৰূপ উপায়ুক্ত কৈলাশ কাৰ্তিক এন। আজ্ঞাঠুৰী পাহাৰত বাঘ গণনাৰ বাবে কেমেৰা সংযোজন কৰিবলৈ সদলবলে গৈছিল কামৰূপ উপায়ুক্ত কৈলাশ কাৰ্তিক এন । উক্ত স্থানত জিলা উপায়ুক্ত গৰাকীৰ উপৰিও উত্তৰ কামৰূপৰ বন বিষয়া চানীদেউ চৌধুৰীৰ দলৰ সৈতে গৈছিল এটি সাংবাদিকৰ দল। পহাৰাৰ চুড়াত কেমেৰা সংযোজনৰ সময়তে তলৰ বালিচৰত অবৈধ মাটি খননৰ ছবিয়ে আমনি কৰিলে উপায়ুক্ত কৈলাশ কাৰ্তিকক । সাংবাদিকে বাঘ গণনাৰ বাইট ল’বলৈ আগবাঢ়িছিল উপায়ুক্তৰ ফালে । পিছে দিনৰ পোহৰত অবৈধ বালি খনন আৰু বেকগ্ৰাউণ্ডৰ জে চি বি ডাম্পাৰৰ ছবিখন দেখি উপায়ুক্তই তাতে বাইট দিয়াৰ পৰা বিৰত থাকি তলত দিয়ে বাইট।

উত্তৰ গুৱাহাটী আমিন গাঁৱত দিনে নিশাই আতঙ্ক নমাই আহিছে ডাম্পাৰে । আনহাতে দীৰ্ঘেশ্বৰী বিটৰ অধীনষ্ঠ বিভিন্ন ঠাইত বিট অফিচাৰ চহিদুলৰ পৃষ্ঠপোষকতাত অবৈধ শিলকুৱৰী আৰু পাহাৰ খননো তীব্ৰ গতিৰে চলি থকাৰ উঠিছে বিভিন্ন অভিযোগ। পথৰ ধুলি বোকাৰ বাবে শিক্ষাৰ্থীও খাই আহিছে জ্বলাকলা । কিন্তু বন বিষয়া উপায়ুক্তৰ হাতত নাই বৈধ সাদনৰ গৰাকীৰ নাম । বন বিষয়াৰমতে আমিন গাঁও উত্তৰ গুৱাহাটীত বৈধ সাদন আছে সাতটা । কিন্তু, নথি নাই কাৰো হাতত। মাইনিঙৰ প্ৰচেছ হৈ আছে বুলি কয় যদিও সম্ভৱত নাই এটাও বৈধ সাদন । কামৰূপ উপায়ুক্তৰ তদাৰকত থাকিও উপায়ুক্তই অবগত নহয় সাদনৰ বিষয়ে । সেয়ে সাংবাদিকৰ প্ৰশ্নৰ পিছত ওচৰতে ৰৈ থকা উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়াক নিৰ্দেশ দিলে শীঘ্ৰে বন্ধ কৰিব লাগে অবৈধ খাদন ।

যি সময়ত ৰাজ কোষৰ ধনৰ অভাবত দিকবিদিক হেৰুৱাইছে চৰকাৰে । সেই সময়ত উত্তৰ কামৰূপ বন সংমণ্ডলত দিশপুৰৰ আশীষধন্য একাংশ বিজেপি কৰ্মীৰ লগতে বন বিভাগ ও কামৰূপ প্ৰশাসনৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি বনধংস চলোৱা ধুৰন্ধৰ বন মাফিয়াক ৰাজহ ফাঁকিৰে কঢ়িয়াবলৈ দিয়া হৈছে নৈৰ বালি, কাটিবলৈ দিয়া হৈছে মনোৰম পাহাৰ, খনন ও পৰিবহন কৰিবলৈ দিয়া হৈছে পাহাৰৰ ৰঙামাটিৰ ওপৰিও শিল আদি। মুঠতে এতিয়া উত্তৰ কামৰূপ বন সংমণ্ডলত চলিছে অবাধ দুৰ্নীতি । এতিয়া ইমানবোৰ পৰ্বতসম দুৰ্নীতি দেখি শুনিও মৌন হৈ থাকিব নেকি দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? তেখেতৰ সমষ্টিৰ চলি থকা দুৰ্নীতিৰ বাবেই মাত নামাতি এইসকল দুৰ্নীতিগ্ৰস্তক উৎসাহিতহে কৰি থাকিব নে ইয়াৰ তদন্ত কৰি এইসকলৰ বিৰুদ্ধেও জেহাদ ঘোষণা কৰিব সেয়াহে হব লক্ষ্যনীয়।

চাংসাৰিৰ পৰা পঙ্কজ নাথৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.