হাজোৰ নসস্তাৰত মনসা মন্দিৰ উদ্বোধন

আজি তীৰ্থনগৰী হাজোৰ নসস্তাৰত মনসা দেৱীৰ মন্দিৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানৰ পাতনিতে মনসা সাধক প্ৰমোদ বেজবৰুৱাৰ তত্বাৱধানত, মন্দিৰ পৰিচালনা সমিতিৰ দ্বাৰা জেষ্ঠ নাগৰিক, কেইবাজনো জেষ্ঠ প্ৰতিস্থাপকক সম্বৰ্ধনা জনোৱাৰ পিছতেই পানী তোলা কাৰ্যসূচী সম্পন্ন কৰা হয়। প্ৰায় পাঁচ শতাধিক ভকতৰ উপস্থিতিত বৈদিক কাৰ্যসূচীৰে সম্পন্ন কৰা হয় অনুষ্ঠানটি।

Comments (0)
Add Comment