জামুগুৰি পৌৰ সভাৰ ১নং ওৱাৰ্ডত বিজয় উৎসৱ
পৌৰ সভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে জামুগুৰিহাটত ৷ জামুগুৰি পৌৰ সভাৰ ৪ টাকৈ ৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থী বিনা প্ৰতিদণ্ডিতাৰে নিৰ্বাচিত হোৱাৰ পাছত সম্প্ৰতি ৱাৰ্ডে ৱাৰ্ডে অনুষ্ঠিত কৰিছে বিজয় উৎসৱ ৷ আজি জামুগুৰি পৌৰ সভা এলেকাৰ এক নং ৱাৰ্ডত তথা পাতলৰ চুক গাঁৱত অনুষ্ঠিত কৰা হয় বিজয় উৎসৱ ৷
বিনা প্ৰতিদণ্ডিতাৰে নিৰ্ব্বাচিত হোৱা বিজেপি প্ৰাৰ্থী জগত জীৱন বৰাৰ হৈ আজি আয়োজন কৰা এই বিজয় উৎসৱত অংশগ্ৰহন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ উৎসৱত অংশ গ্ৰহন কৰি বিধায়ক গৰাকীয়ে কয়-জামুগুৰি পৌৰ সভা এলেকা এতিয়া কংগ্ৰেছ বিহিন হৈ পৰিছে ৷ যোৱা দহ দিনত জামুগুৰি পৌৰ সভা এলেকাৰ পৰাই তিনি শতাধিক কংগ্ৰেছৰ নেতা কৰ্মীয়ে আমাৰ দলত যোগদান কৰিছেহি ৷ কংগ্ৰেছে এতিয়া খালী গাড়ী লৈ ঘূৰিব লগা হৈছে ৷ গাড়ীত উঠিবলৈও মানুহ নোহোৱা হৈছে ৷ এই পৌৰ সভাৰ নিৰ্বাচনৰ ভৰপক সময়তো নদুৱাৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ তলা খোল নেখালে বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ যোগদানকাৰী সকলক দলীয় প্ৰতীক সম্বলিত গামোছা আৰু টুপিৰে সম্বৰ্ধনা জনায় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ।