Daily Time Axom

ধিং পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

0 10

সমাগত পৌৰসভা নিৰ্বাচন। তুংগত উঠিছে পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে সাজু কৰিছে নিৰ্বাচনী ৰণকৌশল। সামান্তৰালকৈ আঙুৰলতা মন্তব্যৰ পিছতে ধিঙৰ অগপ প্ৰাৰ্থী আৰু অধিক সস্তম হৈ পৰা দেখিবলৈ পোৱা গৈছে ।দিন ৰাতি একাকাৰ কৰি ঘৰে ঘৰে গৈ ভোট ভিক্ষা অগপ দলৰ। লগত আছে বহু প্ৰতিশ্ৰুতিৰো। ধিং পৌৰসভা নিৰ্বাচনত অগপ দলে আগবঢ়োৱা ছয় জনকৈ প্ৰাৰ্থীয়ে প্ৰতি মহলাত লগত জেষ্ঠ নেত্ৰী মামণি বৰা আৰু নগাওঁৰ যুৱ নেতা কাশ্যৱ ফুকনক লগত লৈ চলাই গৈছে অবিৰত নিৰ্বাচনী প্ৰচাৰ।প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ধিং পৌৰসভা এলেকাধীন অঞ্চলৰ জ্বলন্ত সমস্যা প্ৰতি লক্ষ্য ৰাখি সমাজৰ উন্নয়নৰ হকে কাম কৰিবলৈ আৰ্শীষ বিচাৰিছে ভোটাৰ ৰাইজৰ ।

উল্লেখ্যনীয় বিষয় যে প্ৰয়াত অগপ দলৰ বলিষ্ঠ মন্ত্ৰী দীগেন চন্দ্র বৰাৰ জন্মস্থানৰ ৫নং মহলাৰ পৰা জুলি মহন্ত শইকীয়াই প্ৰাৰ্থীত্ব আগবঢ়াই ।প্ৰাৰ্থী গৰাকীয়ে প্ৰয়াত বলিষ্ঠ মন্ত্ৰী দীগেন চন্দ্র বৰাৰ নীতি আদৰ্শ সৰোগত ৰাখি সমাজৰ উন্নয়নৰ হকে কাম কৰি যোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ভোটাৰ ৰাইজক। যি গৰাকী মন্ত্ৰীৰ নেতৃত্বত সমগ্ৰ ধিং খনকে অতি কম সময়ৰ ভিতৰতে জাকত জিলিকাবলৈ সক্ষম হৈছিল তেনে ক্ষেত্রত অগপ দলৰ প্ৰতি ৰাইজৰ ভূমিকা কেনে থাকিব সেয়া পৰবৰ্তী সময়তহে লক্ষ্যণীয় হব ?

Leave A Reply

Your email address will not be published.