ধিঙৰ বেছামাৰীত কাউচাৰ ডট কম নামৰ শ্বপিংমলৰ শুভ উদ্বোধন

নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত বেছামাৰী আমতলা তিনিআলিত প্ৰথমবাৰৰ বাবে “কাউচাৰ ডট কম” নামেৰে এখনি শ্বপিংমলৰ শুভ উদ্বোধন কৰা হয় । উদ্বোধন কৰে বিপনীখনৰ স্বত্বাধিকাৰী মাইনুল হক জিলানীয়ে । ইতিমধ্যে বেছামাৰীবাসীৰ সম্পূৰ্ণ সহাৰি লাভ কৰিছে কাউচাৰ ডট কম নামৰ শ্বপিংমলটোৱে ।

বিপনীখনত উন্নত ব্ৰেন্ডৰ কাপোৰ, জুতা, চেন্ডেলৰ লগতে গেলামাল, কচমেটিকচ আদি সকলোধৰণৰ সামগ্ৰী উপলব্ধ হ’ব । বেছামাৰীৰ লগতে ধিঙৰ দাঁতি-কাষৰীয়া অঞ্চলৰ ৰাইজ অতি কম মূল্যৰ বিনিময়ত যথেষ্ট উন্নত ধৰণৰ সামগ্ৰী ক্ৰয় কৰি উপকৃত হব বুলি বিপনীখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে । লগতে সকলো ৰাইজকে বিপনীলৈ আহি সামগ্ৰী ক্ৰয় কৰাৰ বাবে আহ্বান জনায় ।

ধিঙৰ পৰা আৰিফ উল্লাহ মুজাদ্দাদী’ৰ ৰিপোৰ্ট।

Comments (0)
Add Comment