জামুগুৰিহাটৰ উদিয়মান শিল্পী আয়ানজ্যোতি দাসৰ “তুমি যেন” শীৰ্ষক গীতৰ এলবাম মুকলি

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলত শুক্ৰবাৰে মুক্তি দিয়া হয় এটি সুমধুৰ গীতৰ এলবাম । উল্লেখযোগ্য যে, বৰপেটা জিলাৰ চেঙাৰ উদীয়মান শিল্পী তথা প্ৰয়াত অপূৰ্ব কুমাৰ দাস আৰু জুলা দাসৰ সু-পুত্ৰ তথা উদীয়মান শিল্পী আয়ানজ্যোতি দাসৰ পোন প্ৰথমবাৰৰ বাবে সমুহ অসমবাসী ৰাইজলৈ ইউ টিউবৰ জৰিয়তে “তুমি যেন” শীৰ্ষক এটি সুমধুৰ গীতৰ এলবাম মুকলি কৰে । শুক্ৰবাৰে সন্ধিয়া ছয় বজাত ধলাইবিলত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত উদীয়মান শিল্পী গৰাকীৰ মাতৃ তথা সাংস্কৃতিক কৰ্মী জুলা দাসে কেক কাটি এলবামটি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত স্থানীয় ভালেকেইগৰাকী সাংস্কৃতিক ব্যক্তিয়ে অংশ গ্ৰহণ কৰে । উল্লেখযোগ্য যে উক্ত “তুমি যেন” শীৰ্ষক গীতটিত কন্ঠ নিগৰাইছে উদিয়মান কন্ঠশিল্পী অংশুমানে । সংগীত ব্যৱস্থাপনা জইঅ’, কথা-সুৰ আয়ান আৰু অংশুমানৰ । উদীয়মান শিল্পী আয়ানজ্যোতি দাসৰ এই নতুন প্ৰয়াসক ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । উক্ত গীতৰ ভিডিঅ’ত ঊষানগৰী তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, অগ্নিগড়, ভালোকপোঙ, গণেশঘাটৰ লগতে তেজপুৰৰ প্ৰাকৃতিক সেউজময় পৰিৱেশৰ মাজত চিত্ৰগ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে শিল্পীজনে ।

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Comments (0)
Add Comment