Daily Time Axom

শিৱসাগৰ জিলাৰ খেলুৱা শিক্ষা খণ্ডৰ পশ্চিম বস্তি জনজাতি ইংৰাজী বিদ্যালয়ত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন

0 6

আজি শিৱসাগৰ খেলুৱা শিক্ষা খণ্ডৰ পশ্চিম বস্তি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ইক’ আৰু ইয়ুথ ক্লাবৰ সৌজন্যত বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি চিত্ৰাংকন,কুইজ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

ইয়াৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বটাঁ বিতৰণি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ আঁচনি বিষয়া অসীম বৰুৱা, নিৰ্দিষ্ট ভাষন প্ৰসংগত বিদ্যালয় সমূহত মাতৃগোট বিদ্যালয় পৰিচালনা সমিতিৰ আৰু অভিভাৱকসকলৰ বিদ্যালয়ত প্ৰয়োজন কিমান এই সন্দৰ্ভত সবিস্তাৰে বক্তব্য আগবঢ়াই, লগতে বৰ্তমান জৈৱিক অজৈৱিক সংৰক্ষণৰ প্ৰয়োজনীয়তাত বিদ্যালয় সমূহত ইক,ক্লাবৰ ভূমিকাৰ বিষয়ে জনাই, আজিৰ সভখনত প্ৰায় দুই শতাধিক অভিভাৱকৰ, ছাত্র-ছাত্ৰীৰ লগতে কেইবাজনো অৱসৰপ্ৰাপ্ত শিক্ষক উপস্থিত থাকে, আজিৰ অনুষ্ঠিত হোৱা কাৰ্য্যসূচীসমূহ চলাই নিয়ে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে প্ৰধান শিক্ষক ৰবীন ফুকন,চি আৰ চি চি জুবেদ আলিয়ে। আজিৰ বটাঁ বিতৰণী সভাত জিলা আঁচনি বিষয়া অসীম বৰুৱাক বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোটৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

Leave A Reply

Your email address will not be published.