ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ তৃতীয় দিন চলি আছে। ৰাছিয়াৰ সেনা বাহিনীয়ে ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে। দুয়োপক্ষৰ মাজত যুঁজ চলি আছে। ৰাছিয়াৰ আক্ৰমণত এতিয়ালৈকে ১৯৮ জনতকৈও অধিক ইউক্ৰেনীয় সৈন্য নিহত হৈছে। সংবাদ সংস্থা এএফপিয়ে ইউক্ৰেইনৰ স্বাস্থ্য মন্ত্ৰীৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে।
ইফালে, ইউক্ৰেইনৰ সেনাই দাবী কৰে যে সংঘৰ্ষৰ সময়ত কমেও ৩,৫০০ ৰাছিয়াৰ সৈন্য নিহত হৈছে।
বিবিচিৰ মতে, এতিয়ালৈকে ৩,৫০০ ৰাছিয়াৰ সৈনিক নিহত হৈছে আৰু ২০০ জন বন্দী ৰাছিয়া সেমা সৈতে পলাই গৈছে।
ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইন প্ৰতিৰোধত ১৪ খন বিমান, আঠখন হেলিকপ্টাৰ আৰু ১০২খন টেংক হেৰুৱাইছে । অৱশ্যে, ৰাছিয়াই এতিয়ালৈকে ইয়াক স্বীকাৰ কৰা নাই।