অভয়াপুৰীত পৌৰসভা নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা বৃদ্ধি
অভয়াপুৰীত পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন ৰাজনৈতিক দল সমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অভয়াপুৰী পৌৰসভা নিৰ্বাচনত এইবাৰ পৌৰসভাৰ অন্তৰ্গত ৮নং ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াইছে দ্বীপ বণিক্য।
পৌৰসভা নিৰ্বাচনত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে ।
বিজয়ী হলে ৱাৰ্ডটোৰ ৰাষ্টা-ঘাট উন্নতকৰন ,ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ লগতে বিশেষকৈ মহিলা সকলৰ আৰ্থ-সামাজিক দিশৰ উন্নীতকৰণৰ সম্ভৱপৰ সকলো কাম কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। এইবাৰ অভয়াপুৰী পৌৰসভা অগপ দলে দখল কৰিব বুলি মতপোষন কৰে অভয়াপুৰী দক্ষিণ বিধান পৰিষদ সভাপতি পূৰ্ণেন্দু বণিক্যই ।
অভয়াপুৰীৰ পৰা সুভম দাসৰ ৰিপোৰ্ট ।