Daily Time Axom

অৰুণাচল প্ৰদেশৰ প্ৰধান জনগোষ্ঠী নিচী সকলৰ কৃষি ভিত্তিক উৎসৱ ন্যকুম ইয়’ল’ পালন

0 14

অৰুণাচল প্ৰদেশৰ প্ৰধান জনগোষ্ঠী নিচী সকলৰ কৃষি ভিত্তিক উৎসৱ ন্যকুম ইয়’ল’উৎসৱ আজি ৰাজ্য খনত পালন কৰা দেখা গৈছে।লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্ত পিছলা টানি হাপাত নিচী জনগোষ্ঠী সকলেও তিনিদিনীয়াকৈ পালন কৰে ন্যকুম ইয়’ল’ উৎসৱ।

অঞ্চলটোৰ নিচী জনগোষ্ঠীৰ লোকসকলৰ ২৪ ত্বম ন্যকুম ইয়’ল’উৎসৱৰ আজি মুল অনুষ্ঠানত পাহাৰীয়া জনগোষ্ঠীৰ লোক সকলে বিভিন্ন জনগোষ্ঠীৰ নৃত্য পৰিৱেশন কৰা পৰিলক্ষিত হয় ৷মুখ্য অতিথি হিচাপে উপস্থিত থাকে লিখা সুৰজ আৰু সন্মানীয় অতিথি হিচাপে ৰাজ্য খনৰ বন বিষয়া চুখু লোমা উপস্থিত থাকে।নিচি সকলৰ বিভিন্ন নৃত্য-গীত পৰিবেশন কৰে।

বিহপুৰীয়াৰ পৰা পৰা হৰেন বৰাৰ ৰি’পৰ্ট।

Leave A Reply

Your email address will not be published.