Daily Time Axom

শিৱসাগৰৰ নাজিৰা নগৰৰ পৰা বোৱাৰী সহ ২ কিশোৰ-কিশোৰী নিৰুদ্দেশ

0 12

দুষ্ট চক্ৰৰ কৱলত পৰি বহিঃৰাজ্যলৈ নিয়াৰ সন্দেহ মহিলাক, ৮ দিনে সন্ধানহীন ৩ গৰাকীকৈ লোক

শিৱসাগৰৰ নাজিৰা নগৰৰ পৰা একেটা পৰিয়ালৰে বোৱাৰী, কিশোৰ-কিশোৰী নিৰুদ্দেশ । বিগত ২০ ফেব্ৰুৱাৰীৰ পৰা নাজিৰা নগৰৰ ৯ নং ৱাৰ্ডৰ নিবাসী কৃষ্ণ কুমাৰ চাহুৰ পত্নী ৰানী চাহুৰ লগতে দুই কিশোৰ-কিশোৰী সন্তান নিৰুদ্দেশ হৈ থকা ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

জানিব পৰা মতে, নাজিৰা নগৰৰ ব্যৱসায়ী কৃষ্ণ কুমাৰ চাহুৰ পত্নীক কোনো অজ্ঞাত দুষ্ট চক্ৰই ম’বাইল ফোনৰ যোগাযোগেৰে প্ৰলোভন দি বহিঃৰাজ্যলৈ নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে পত্নীৰ পৰিয়ালবৰ্গই । ঘটনা সন্দৰ্ভত স্বামী কৃষ্ণ কুমাৰ চাহুৱে নাজিৰা আদৰ্শ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । যদিও এতিয়ালৈকে তেওঁৰ পৰিয়ালৰ তিনিগৰাকী সদস্যক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

বিগত সময়ত ঘটনা সন্দৰ্ভত ভুক্তভূগীয়ে শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ কাষ চাপি পত্নী সহ কিশোৰ-কিশোৰীক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে । আনহাতে স্বামী তথা পত্নীৰ পৰিয়ালবৰ্গই সন্ধানহীন সদস্য তিনি গৰাকীৰ কোনো সম্ভেদ পালে সদাশয় ব্যক্তিয়ে ম’বাইল ৯৯৫৭১-০৫৫০১ অথবা ৯৮৬৪০-৩৮১২৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।


শিৱসাগৰৰ পৰা ফানহান লহকৰ ৰিপৰ্ট৷

Leave A Reply

Your email address will not be published.