Daily Time Axom

কিয়েভত মৃত্যুৰ পৰা হাত সৰা নাই ছয় বছৰীয়া শিশুও

0 10

ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পশ্চিম অংশত সংঘটিত যুদ্ধত এজন ছয় বছৰীয়া শিশু নিহত হয়। চিএনএনৰ এক প্ৰতিবেদন অনুসৰি, কিয়েভত সংঘৰ্ষত মৃত্যু হোৱা শিশুটো আটাইতকৈ কনিষ্ঠতম ব্যক্তি।

গুলীচালনাত আন কেইবাজনো লোক আহত হৈছিল। তেওঁলোকৰ মাজত দুটা শিশুও আছে।

এতিয়ালৈকে কমেও ৬৪ জন নাগৰিক নিহত হৈছে। হতাহতৰ সংখ্যা কমেও ২৪০ জন বুলি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চ আয়োগে জানিবলৈ দিছে।

আয়োগৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ বাহিনীৰ মাজত সংঘৰ্ষৰ ফলত বহুতো ঘৰ ক্ষতিগ্ৰস্ত হৈছে, আৰু বহু লোক পানী আৰু বিদ্যুতৰ পৰা বঞ্চিত হৈছে।লগতে জনাইছে যে ১,৬০,০০০ ইউক্ৰেনীয়ে তেওঁলোকৰ ঘৰ এৰি আন ঠাইলৈ গুচি গৈছে, তেওঁলোকৰ বহুতে বিভিন্ন দেশত আশ্ৰয় ল’বলৈ চেষ্টা কৰি সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰিছে।
ইউক্ৰেইন চৰকাৰে কৈছে যে ৰাছিয়াৰ সামৰিক অভিযানৰ ফলত আধা মিলিয়নতকৈও অধিক শৰণাৰ্থী হ’ব পাৰে।

Leave A Reply

Your email address will not be published.