Daily Time Axom

উত্তৰ গুৱাহাটীত বিজেপি প্ৰাৰ্থীৰ ঘৰে ঘৰে প্ৰচাৰ অভিযান

0 10

সমাগত পৌৰ সভাৰ নিৰ্বাচনকলৈ শাসক বিৰোধী উভয় দলৰ তৎপৰতা ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে । উত্তৰ গুৱাহাটী পৌৰ সভাৰ দহটা ৱাৰ্ডৰ সাতটাকৈ ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাই বিজেপি প্ৰাৰ্থী জয়ী হৈছে । বাকী ৪ ,৭আৰু ৮নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থীৰ সতে বিজেপিৰ হব মুখামুখি যুঁজ ।

৪ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী তিলক দাসে জয়ী হোৱাতো নিশ্চিত হৈছেই। পিছে বিনাযুদ্ধে জয়ী হোৱাতকৈ ৰণত জিকিহে হাঁহি মাৰিব। যাৰ বাবে ৰাইজৰ পদুলিয়ে পদুলিয়ে গৈ আশীৰ্বাদ বিছাৰিছে তিলক দাসে । এশ শংতাশ বিজয়ৰে উত্তৰ গুৱাহাটী পৌৰ সভা দখল কৰিব বুলি দৃঢ়তাৰে কলে তিলক দাসে । নেতাৰ সমানে সমানে বিজেপি কৰ্মীৰো একেই কথা উত্তৰ গুৱাহাটী পৌৰ সভাত এশ শতাংশ জয় হব বিজেপিৰ । কেৱল দলৰ কথা ৰক্ষাৰ বাবেহে কংগ্ৰেছ প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদণ্ডতাত অৱতীৰ্ণ হৈছে । সেয়া তেওঁলোকৰ আনুষ্ঠানিকতাহ মাত্ৰ। এইয়া কেৱল আমাৰ নেতা তথা মুখ্যমন্ত্ৰীৰ ভুমিকাৰ বাবে সম্ভৱ হৈছে বুলি দোহাৰিলে বিজেপি কৰ্মীয়ে ।

চাংসাৰিৰ পৰা পঙ্কজ নাথৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.