সদৌ বৰপেটা জিলা বৈদ্যুতিক অস্থায়ী কৰ্মী সন্থাৰ সভা সম্পন্ন
সদৌ বৰপেটা জিলা বৈদ্যুতিক অস্থায়ী কৰ্মী সন্থাৰ এখনি সভা কালি বৰপেটাৰোড প্ৰেছ ক্লাবত অনুষ্ঠিত হয় ৷ সভাখনত সভাপতিত্ব কৰে গজেন্দ্ৰ নাথ হালৈয়ে আৰু উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ডিম্পল দাসে। সভাত কাৰ্য্যকৰী সভাপতি মতিউৰ ৰহমান প্ৰমুখ্যে ভালেকেইজন বক্তাই জিলাখনৰ বৈদ্যুতিক অস্থায়ী কৰ্মীসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমূহৰ ওপৰত বিষদ বক্তব্য আগবঢ়ায় আৰু এই সমস্যা সমূহ অতি শীঘ্ৰে সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় ৷
সভাত হোৱা বিতং আলোচনাৰ অন্তত কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ প্ৰস্তাৱ সমূহ হৈছে- চাকৰি নিয়মীয়াকৰণৰ দাবীত অহা ১৫ মাৰ্চৰ পৰা অনিৰ্দিষ্ট কাললৈ বৰপেটা চক্ৰৰ সমূহ উপ- সংমণ্ডলৰ সকলো অস্থায়ী কৰ্মীৰ গ্ৰাহকৰ বিদ্যুত সংযোগ কৰ্তন কৰাৰ লগতে ৰাজহ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত অসহযোগ কৰা, ব্যক্তিগত বাহন লৈ বিদ্যুত কৰ্তনৰ ক্ষেত্ৰত অসহযোগ কৰা, সমূহ অস্থায়ী কৰ্মীৰ জীৱনৰ নিৰাপত্তা প্ৰদান কৰা আৰু সকলো সা-সুবিধা প্ৰদান কৰা আদি ৷