বৰহাটত সদৌ অসম বাঢ়ৈ (লহাৰ) সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ও বৰহাট আঞ্চলিক ৰাইজৰ সহযোগত “টিয়কীয়া গাওঁৰ ৰাজহুৱা বাঢ়ৈ খেলপথাৰ”ত দুদিনীয়া কাৰ্যসূচীৰে (২৬,২৭ফেব্ৰুৱাৰী তাৰিখে) আয়োজন কৰা দ্বিতীয়তম অধিৱেশনৰ সফলভাৱে সামৰণি পৰে।
আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে সাংস্কৃতিক শোভাযাত্ৰা,মুকলি সভা অনুষ্ঠিত কৰা হয়।
মুকলি সভা মঞ্চত উপস্থিত থকা সকলো বিশিষ্ট ব্যক্তিসকলক নৃত্য গীতেৰে অধিৱেশনৰ মূল পদূলিৰ পৰা আদৰি আনে ।
বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অংগত কৈৰী,পূৰ্বাঞ্চল গাওঁ পঞ্চায়তৰ সভানেত্ৰী শান্তনা ফুকন গগৈ,সমাজসেৱক চক্ৰধৰ গগৈ,বিনোদ খেছ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰহাট আঞ্চলিক সমিতিৰ সভাপতি ৰ লগতে বহু ঠাইৰ পৰা অহা বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে।
আমন্ত্ৰিত শিল্পী বিশাল তাঁতী আৰু ওৰপত্তি গঁড়,বিকাশ তাতীঁ ৰ কণ্ঠশিল্পীৰ দ্বাৰা গীতৰ শৰাই আগবঢ়োৱা হ’ব।