শান্তি আলোচনা আৰম্ভ , ইউক্ৰেনে যুদ্ধবিৰতি হোৱাটো বিচাৰে

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত আকাংক্ষিত শান্তি আলোচনা আৰম্ভ হৈছে। দুয়োখন দেশৰ প্ৰতিনিধিসকলে ইউক্ৰেইন-বেলাৰুছ সীমান্তৰ ওচৰৰ এটা স্থানত আলোচনা কৰে।

যুদ্ধবিৰতি আৰু ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য প্ৰত্যাহাৰ আলোচনাৰ এক জ্বলন্ত বিষয় হৈ পৰিছে। আল জাজিৰাৰ মতে, ইউক্ৰেনে আলোচনাত যুদ্ধবিৰতি দাবী কৰিছে।

সোমবাৰে, কিয়েভৰ এটা প্ৰতিনিধি দল ৰাছিয়াৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিবলৈ ইউক্ৰেইন-বেলাৰুছ সীমান্তত উপস্থিত হয়। এই আলোচনা পূৱ বেলাৰুছৰ গোমেলত অনুষ্ঠিত হৈছে।

ৰাছিয়াৰ সংবাদ সংস্থা ৰিয়া নাভষ্টিয়ে জনাইছে যে ইউক্ৰেইনৰ প্ৰতিনিধি দল দুখন হেলিকপ্টাৰেৰে অনুষ্ঠানস্থলীত উপস্থিত হৈছে।

আজি ৰাতিপুৱা বেলাৰুছৰ বৈদেশিক মন্ত্ৰীয়ে সভাকক্ষৰ এখন ফটো মুকলি কৰি কয় যে দুয়োপক্ষই এখন টেবুলত বহিবলৈ সাজু।

ৰাছিয়াৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে ভ্লাদিমিৰ মেডিনস্কি, যি ৰাষ্ট্ৰপতি পুটিনৰ ঘনিষ্ঠ বুলি জনা যায়। তেওঁ ৰাছিয়াৰ প্ৰাক্তন সংস্কৃতি মন্ত্ৰীও। তেওঁলোক যোৱা শনিবাৰে গোমেলত উপস্থিত হয়।

ইউক্ৰেনে প্ৰথমতে কৈছিল যে ই বেলাৰুছৰ বৈঠকত উপস্থিত নহয়। কিন্তু পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কোৰ সৈতে আলোচনাত লিপ্ত হয়।

Comments (0)
Add Comment